ETV Bharat / state

Section 144 impose in Laharijan: লাহৰিজানত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

author img

By

Published : Dec 19, 2021, 9:56 PM IST

Section 144 alert in Laharijan right before eviction
Section 144 alert : লাহৰিজানৰ উচ্ছেদ অভিযানৰ পূৰ্বে সাজু হৈছে প্ৰশাসন

দেউবাৰে বিয়লি ৩ বজাৰ পৰা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত কাৰ্যকৰী হ’ব ১৪৪ ধাৰা (Section 144 alert in Laharijan) ৷ লাহৰিজানৰ ব্লক-৩ ত হ'বলগীয়া উচ্ছেদ অভিযানৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে এই ধাৰা ৷

ডিফু, ১৯ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানৰ ব্লক-৩ ত হ'বলগীয়া উচ্ছেদ অভিযানৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা (Section 144 alert in Laharijan) ৷ অহা ২০ ডিচেম্বৰত অঞ্চলটোত চলিব উচ্ছেদ অভিযান(Eviction drive in Laharijan) ৷ দেওবাৰে বিয়লি ৩ বজাৰ পৰা কাৰ্যকৰী হ’ব ১৪৪ ধাৰা ৷ পুনৰ জাননী জাৰি নকৰা পৰ্যন্ত চলি থাকিব এই ধাৰা বুলি প্ৰকাশ পাইছে জিলা দণ্ডাধীশে জাৰী কৰা এক নিৰ্দেশনাত ৷

Section 144 alert in Laharijan right before eviction
Section 144 alert : লাহৰিজানৰ উচ্ছেদ অভিযানৰ পূৰ্বে সাজু হৈছে প্ৰশাসন

এই ক্ষেত্ৰত জাৰি কৰা হৈছে কেইবাটাও নীতি-নিৰ্দেশনা ৷ নিৰ্দেশনা সমূহ ক্ৰমে, উচ্ছেদ অভিযানৰ সময়ত চৰকাৰী বিষয়াক বাধা প্ৰধানত নিষেধাজ্ঞা, পিকেটিং কৰা, পাঁচজন বা তাৰ অধিক লোক গোট খোৱাত নিষেধাজ্ঞা, অস্ত্ৰ, বাৰুদ আদি কঢ়িয়াই অনাৰ ক্ষেত্ৰতো দিয়া হৈছে নিষেধাজ্ঞা ৷ ফটকা ফুটুৱাৰ ক্ষেত্ৰটো নিষেধাজ্ঞা, ৰাজহুৱা সভা, ৰেলী, সমদল, ধৰ্ণা আদিও অঞ্চলটোত নিষেধ কৰা হৈছে ৷

উচ্ছেদৰ দিনা বন্ধ থাকিব খটখটি আৰক্ষী চকীৰ অন্তৰ্গত দুদুকলনি এলেকাৰ ৭০০ মিটাৰ এলেকাৰ সকলো দোকান-পোহাৰ ৷ আইন অমান্য কৰা সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা কৰা হব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ ৭০ % মানুহ বাংলাদেশী মূলৰ : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.