Peng Shuai retracts sexual assault claims : যৌন উৎপীড়নৰ অভিযোগ অস্বীকাৰ চীনা টেনিছ তাৰকা পেং ছুৱায়ে

author img

By

Published : Dec 20, 2021, 1:44 PM IST

Chinese tennis player Peng Shuai retracts sexual assault claims

চীনা টেনিছ খেলুৱৈ পেং ছুৱাইৰ ওপৰত যৌন নিৰ্যাতন চলাৰ অভিযোগ সন্দৰ্ভত স্পষ্টতা প্ৰকাশ কৰিলে খোদ খেলুৱৈগৰাকীয়ে । তেওঁ কয় যে, যৌন নিৰ্যাতন চলা বুলি তেওঁ কেতিয়াও কোনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নাই (Peng Shuai retracts sexual assault claims) । লগতে তেওঁ বিদেশ ভ্ৰমণো কৰিবলৈ যোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ।

স্প’ৰ্টছ ডেস্ক, ২০ ডিচেম্বৰ : দেওবাৰে চীনা টেনিছ খেলুৱৈ পেং ছুৱায়ে স্পষ্ট কৰি দিয়ে যে, তেওঁ কেতিয়াও কোনো লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা নাই(Peng Shuai retracts sexual assault claims) । ছিংগাপুৰৰ বাতৰি কাকত লিয়ানহে জাওবাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খেলুৱৈগৰাকীয়ে কয় যে, তেওঁ কেতিয়াও ধৰ্ষণৰ বলি হোৱা বুলি কোনো লোকৰ বিষয়ে অভিযোগ উত্থাপন কৰা নাই ।

তেওঁ লিখিতভাৱেও এনে অভিযোগ উত্থাপন কৰা নাই স্পষ্ট কৰি দিয়ে । স্পুটনিকৰ বাতৰি অনুসৰি, ৱেইবো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত থকা তেওঁৰ একাউণ্টৰ পৰা যৌন নিৰ্যাতনৰ অভিযোগ সম্পৰ্কীয় এটা পোষ্ট ডিলিট কৰা হৈছিল ।

এই বিষয়ত তেওঁ কয় যে এয়া তেওঁৰ ব্যক্তিগত ব্যৱসায় কথা আৰু ভুল বুজাবুজিৰ বাবে এনে উৰাবাতৰি চৰ্চিত হৈছে (Peng Shuai on her sexual assault claim) । টেনিছ খেলুৱৈগৰাকীয়ে লগতে কয় যে, তেওঁ বেইজিঙত আছিল আৰু ক'ভিড-১৯ মহামাৰীৰ বাবে বিদেশ ভ্ৰমণৰ কোনো পৰিকল্পনা কৰা নাছিল

চীনৰ এজন শীৰ্ষ চৰকাৰী বিষয়া ঝাং গাওলিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিষয়টো চৰ্চালৈ আহে । চীনৰ চৰকাৰী বিষয়াৰ সন্মানৰ কথা চিন্তা কৰি MeToo আন্দোলনৰে জড়িত এই বিষয়টো গাপ দি ৰখাৰ চেষ্টা কৰা হৈছে ।

আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে যোৱা সপ্তাহত জনায় যে, সভাপতি থমাছ বাকে তিনিবাৰৰ অলিম্পিয়ান পেং চুৱাইৰ সৈতে ৩০ মিনিটৰ জোৰা ভিডিঅ' কলৰ জৰিয়তে বাৰ্তালাপ কৰিছে । এই আলোচনাৰ সময়ত এজন চীনা ক্ৰীড়া বিষয়া আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ এজন বিষয়াই অংশ লৈছিল । পেং ছুৱায়ে আলোচনাত কৈছিল যে, তেওঁ নিজৰ গোপনীয়তাক সন্মান জনাব বিচাৰে ।

লগতে পঢ়ক: Bodousa Cup Football 2021 : চূড়ান্ত খিতাপ দখল লুকাচোকা এফ চি কেৰালাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.