ETV Bharat / state

Winter session of Assam Assembly : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

author img

By

Published : Dec 20, 2021, 9:00 AM IST

চাৰিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Winter session of Assam Assembly) ৷ এই অধিৱেশনতে ১৬ খনকৈ বিধেয়ক উত্থাপন হ’ব ৷ ইয়াৰে ১৫ খন হৈছে সংশোধনী বিধেয়ক ৷ সংশোধনী বিধেয়কসমূহৰ ভিতৰত আছে গো-সুৰক্ষা বিধেয়ক ২০২০ ৷

Winter session of Assam Assembly begins today
অসম বিধানসভাৰ শীতকালীন অধিৱেশন

গুৱাহাটী, ২০ ডিচেম্বৰ : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Winter session of Assam Assembly) ৷ মাত্ৰ চাৰিদিনৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশন বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ ইয়াৰ কাৰণ হৈছে, সদনত এই অধিৱেশনতে ১৬ খনকৈ বিধেয়ক উত্থাপন হ’ব ৷ ইয়াৰে ১৫ খন হৈছে সংশোধনী বিধেয়ক ৷ সংশোধনী বিধেয়কসমূহৰ ভিতৰত আছে গো-সুৰক্ষা বিধেয়ক ২০২০ ৷

উল্লেখযোগ্য যে, বিধানসভাৰ বিগত অধিৱেশনত বিৰোধীৰ প্ৰবল আপত্তি আৰু প্ৰতিবাদৰ মাজত ধ্বনি ভোটৰ মাজেৰে গো-সুৰক্ষা বিধেয়ক গৃহীত হৈছিল ৷ এতিয়া পুনৰ সেইখন বিধেয়কৰে কেতবোৰ সংশোধনী আনিব বিচাৰিছে চৰকাৰে ৷ যাৰ বাবে এই অধিৱেশনত সংশোধনী বিধেয়কখন চৰকাৰে উত্থাপন কৰিব ৷

Winter session of Assam Assembly begins today
অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আনহাতে, ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি সম্পৰ্কীয় এখন নতুন বিধেয়কো এই শীতকালীন অধিৱেশনত উত্থাপিত হ’ব ৷ অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ ২৩ ডিচেম্বৰত গৃহীত কৰা হ’ব আটাইকেইখন বিধেয়ক ৷

ইপিনে, চৰকাৰৰ বিভিন্ন বিভাগত হোৱা দুৰ্নীতি, চৰকাৰী মাটি ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানক গতাই দিয়া আদি বিষয়সমূহক লৈ বিৰোধী পক্ষই এই অধিৱেশনত চৰকাৰক আক্ৰমণ কৰিবলৈ প্ৰস্তুত হৈছে ৷

লগতে চাওক: কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.