ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 4, 2022, 3:17 PM IST

TOP 10 AT 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Taj Hotel suicide case : তাজ হোটেলৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা ব্যৱসায়ীৰ

মুম্বাইৰ বিখ্যাত তাজ হোটেলৰ দশম মহলাৰ পৰা আত্মহত্যা কৰিলে এগৰাকী ব্যৱসায়ীয়ে (Businessman committed suicide in Taj Hotel)। ৬০ বছৰীয়া ব্যৱসায়ীজন শ্বাহৰুখ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে । ডুবাইত থকা শ্বাহৰুখ পিতৃ-মাতৃক সাক্ষাতৰ বাবে মুম্বাইলৈ আহিছিল ।

Wild Elephant terror : কামপুৰত দুই বন্যহস্তীৰ তয়াময়া যুদ্ধ

অসমৰ বহুকেইটা স্থানত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict) । অসমৰ নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ লোকসকলো দীৰ্ঘদিন ধৰি এনে বন্যহস্তীৰ আতংকৰ বলি হৈ আহিছে (Wild Elephant terror) । অঞ্চলটোৰ বামুনি আৰু কন্দলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ধাননি পথাৰলৈ নামি আহে বনৰীয়া হাতী (free movement of wild elephants) । এই হাতী-মানুহৰ সংঘাতৰ মাজতে কামপুৰৰ ৰাইজ হাতী দুটাৰ মাজত তীব্ৰ যুদ্ধৰ সাক্ষী হৈ পৰিল (Fierce battle between two elephants)।

Badruddin Ajmal controversy: আজমলৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ এজাহাৰ

সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যক লৈ জ্বলিছে ৰাজ্য ৷ এইবাৰ আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(FIR against Ajmal) ৷ FIRত আজমলৰ মন্তব্যই সমাজৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা ব্যক্ত কৰিছে আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াৰ ৷

Woman mysterious death : শুই থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু মহিলাৰ

কলগাছিয়াৰ শওঁপুৰ গাঁৱত শুই থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু এগৰাকী মহিলাৰ (Mysterious death of woman in Kalgachia)। স্বামীৰ বিৰুদ্ধে হত্যাৰ সন্দেহ মৃত মহিলাৰ পিতৃৰ পৰিয়ালৰ । আৰক্ষীয়ে মহিলাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

Guwahati honey trapping update : গাড়ী বিক্ৰীৰ চলেৰে মহানগৰীত হনি ট্ৰেপিং চক্ৰৰ জাল

মহানগৰীত প্ৰৱঞ্চকে পেলাইছে প্ৰৱঞ্চনাৰ জাল । গাড়ী বিক্ৰীৰ কৰাৰ চলেৰে আৰম্ভ কৰে প্ৰৱঞ্চনা (Honey trapping in Guwahati) । কেৱল প্ৰৱঞ্চনাই নহয়, ভিন্ন কৌশল প্ৰয়োগ কৰি গ্ৰাহকৰ অশ্লীল ভিডিঅ’, ফটো প্ৰস্তুত কৰি ব্লেকমেইল কৰি ধনদাবী কৰে (Fraud in Guwahati) ৷ এই অভিযোগ উত্থাপন কৰিছে এগৰাকী ভুক্তভোগীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে গীতানগৰ থানাত দাখিল কৰিছে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে আটক কৰা হৈছে এগৰাকী মহিলা অভিযুক্তক (Fraudsters arrested in Guwahati)৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

UP bye election 2022 : ৰামপুৰত যোগী আদিত্যনাথক মিছলীয়া আখ্যা আজম খান আৰু জয়ন্ত চৌধুৰীৰ

ৰামপুৰত আৰএলডিৰ সভাপতি জয়ন্ত চৌধুৰী আৰু এছপি নেতা আজম খানে সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী অসীম ৰাজাৰ সমৰ্থনত প্ৰচাৰ চলায় (Rampur bye election campaign)। তেওঁলোক দুয়োগৰাকীয়ে উত্তৰ প্ৰদেশৰ নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । যোগী আদিত্যনাথক মিছলীয়া আখ্যা নেতাসকলৰ ।

Badaruddin Ajmal controversy : মৌলানা আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মাজুলীৰ সংগঠনৰ

হিন্দু সমাজক লৈ অশালীন মন্তব্য কৰি এতিয়া ৰাইজৰ ৰোষত পৰিছে AIUDF নেতা মৌলানা বদৰুদ্দিন আজমল (Badaruddin Ajmal controversial statements) ৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্য তথা দেশবাসীয়ে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ এইবাৰ বদৰুদ্দিন সন্দৰ্ভত জাঙুৰ খাই উঠিছে মাজুলী জিলাৰ সংগঠনসমূহ (Majuli student unions react on Badaruddin Ajmal) ৷ আনকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শীঘ্ৰে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে মাজুলী জিলাৰ সংগঠনসমূহে ৷

FIFA World Cup: ৰেপাৰ লিল বেবীৰ সৈতে ফিফা বিশ্বকাপৰ গীতত দেখা যাব অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক

ফিফা বিশ্বকাপত দেখা যাব বলীউডৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীক । অভিনেতাগৰাকীক আমেৰিকান ৰেপাৰ লিল বেবীৰ সৈতে এন্থেমত দেখা যাব। Phone Bhootৰ অভিনেতাগৰাকীয়ে ছচিয়েল মিডিয়াযোগে দিলে এই তথ্য ।

Production of Tea in Assam: অসমৰ চাহৰ ৰপ্তানি বৃদ্ধিত উপকৃত হৈছে বটলিফ ফেক্টৰী

চাহ ব'ৰ্ডৰ তথ্য অনুসৰি চলিত বৰ্ষৰ পাঁচ মাহত বিদেশলৈ ২৫১৮.১১ কোটি টকা মূল্যৰ ভাৰতত উৎপাদিত চাহ ৰপ্তানি হয় । ইয়াৰে অধিকসংখ্যক চাহেই অসমৰ । ইপিনে, বিশ্বৰ আগশাৰীৰ কেইবাখনো দেশলৈ অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি পাইছে (Assam tea exports increased)।

Developmental project in Bongaigaon: বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব বিকাশৰ দিশে এপষেক কাৰ্যসূচী

অহা ৫ ডিচেম্বৰত বঙাইগাঁও জিলাত আৰম্ভ হ'ব ‘‘বিকাশৰ দিশে এপষেক" শীৰ্ষক কাৰ্যসূচী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাত কৰিবলগীয়া উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব । এই বিষয়ে সদৰি কৰিছে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ( Minister Ranjit Kumar Das) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.