ETV Bharat / state

Badruddin Ajmal controversy: আজমলৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ এজাহাৰ

author img

By

Published : Dec 4, 2022, 1:59 PM IST

Badruddin Ajmal controversy
আজমলৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ এজাহাৰ

সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যক লৈ জ্বলিছে ৰাজ্য ৷ এইবাৰ আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(FIR against Ajmal) ৷ FIRত আজমলৰ মন্তব্যই সমাজৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা ব্যক্ত কৰিছে আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াৰ ৷

গুৱাহাটী, 4 ডিচেম্বৰ: AIUDFৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে হিন্দু সমাজক লৈ কৰা অতি নিকৃষ্ট মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া (Ajmal Controversial statement) ৷ বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনৰ দলতে আন আন ৰাজনৈতিক দলসমূহে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দাবী তুলিছে গ্ৰেপ্তাৰৰ (Demanding arrest of Ajmal) ৷

ইতিমধ্যেই ৰাজ্যৰ কেইবাখনো থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷ সমান্তৰালভাৱে আজমলৰ মন্তব্যক একেমুখে ধিক্কাৰ দিছে সকলোৱে ৷ এইবাৰ বদৰুদ্দিন আজমলে হিন্দু আৰু নাৰীক লৈ কৰা অশালীন মন্তব্যৰ বাবে শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(FIR against Badruddin Ajmal) ৷

আজমলৰ মন্তব্যই যিকোনো সময়তে দেশত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পাৰে বুলি এজাহাৰত আশংকা ব্যক্ত কৰিছে কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই ৷ লগতে আৰক্ষীক ঘটনাৰ উচিত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী বিৰোধী দলপতিগৰাকীৰ ৷

আজমলৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ এজাহাৰ

উল্লেখ্য যে, সাংসদ বদৰুদ্দিন আজমলে হিন্দু লোকে 40বছৰ বয়সলৈকে 3-4গৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰে আৰু পৰিয়ালৰ হেঁচাত বিপদত পৰাৰ ভয়তহে 40বছৰৰ পিছত বিয়াত বহে বুলি মন্তব্য কৰিছিল ৷ লগতে কৈছিল যে, ‘40বছৰ বয়সত বিয়া পাতিলে সন্তান জন্ম দিয়াৰ ক্ষমতা কমি যায়, সেয়েহে মুছলমান সমাজৰ দৰে পুৰুষে 22-23বছৰ বয়সত আৰু ছোৱালীয়ে 18-20বছৰ বয়সত বিয়াত বহিব লাগে’ ৷

আজমলৰ এই মন্তব্যক লৈ এতিয়া জ্বলিছে সমগ্ৰ ৰাজ্য ৷ ইফালে, ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে বদৰুদ্দিন আজমলে স্পষ্টীকৰণ দি কৈছিল যে, ‘‘মই ইচ্ছাকৃতভাৱে কাৰো আবেগ-অনুভূতিত আঘাত হানিব বিচৰা নাছিলোঁ, যদিহে মোৰ মন্তব্যই কাৰোবাক আঘাত দিছে তেন্তে তাৰ বাবে ক্ষমা প্ৰাৰ্থী ৷ মই মাত্ৰ চৰকাৰে ধৰ্মীয় সংখ্যালঘু সকলকো সমদৃষ্টিৰে চোৱাটো বিচাৰোঁ’’ ৷

সেয়া যি কি নহওক, আজমলে কৰা এনে নিকৃষ্ট মন্তব্যৰ বাবে আজমলক গ্ৰেপ্তাৰৰ লগতে সাংসদ পদ খাৰিজ কৰাৰো দাবী উত্থাপন কৰিছে ৰাজ্যৰ দল-সংগঠন সমূহে ৷ কিন্তু আজমলৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব এতিয়া লক্ষণীয় ৷ ইফালে, একাংশই বদৰুদ্দিন আজমলে বিজেপিৰ শ্ৰুতলিপি অনুসৰি এনে মন্তব্য কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Badaruddin Ajmal controversy : মৌলানা আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী মাজুলীৰ সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.