Woman mysterious death : শুই থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু মহিলাৰ

author img

By

Published : Dec 4, 2022, 2:18 PM IST

Barpeta

কলগাছিয়াৰ শওঁপুৰ গাঁৱত শুই থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু এগৰাকী মহিলাৰ (Mysterious death of woman in Kalgachia)। স্বামীৰ বিৰুদ্ধে হত্যাৰ সন্দেহ মৃত মহিলাৰ পিতৃৰ পৰিয়ালৰ । আৰক্ষীয়ে মহিলাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

জনীয়া,৪ ডিচেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা । শুই থকা অৱস্থাত ৰহস্যজনকভাৱে মৃত্যু এগৰাকী মহিলাৰ (Mysterious death of woman in Kalgachia)। স্বামীৰ বিৰুদ্ধে হত্যাৰ সন্দেহ মৃত মহিলাৰ পিতৃৰ পৰিয়ালৰ ।

জানিব পৰা মতে প্ৰায় চাৰি বছৰ পূৰ্বে বৰপেটা জিলাৰ ছনতুলি গাঁৱৰ মহিলাগৰাকী শওঁপুৰ গাঁৱৰ বাৰেক আলীৰ পুত্ৰ ছানোৱাৰ হুছেইনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু অভিযোগ অনুসৰি বিয়াৰ পাছৰে পৰা স্বামী ছানোৱাৰ হুছেইনে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল মহিলাগৰাকীক । মৃত মহিলাগৰাকীৰ পৰিয়ালে জনোৱা মতে, স্বামী ছানোৱাৰ হুছেইনৰ সৈতে মহিলাগৰাকীৰ প্ৰায়ে কাজিয়া হৈছিল (Crime news in Barpeta)।

কাজিয়াৰ পাছত আনকি বুজনিও দিছিল পৰিয়ালৰ লোকে । কিন্তু শনিবাৰে নিশা হঠাৎ মহিলাগৰাকীৰ মৃত্যু খবৰ পোৱাৰ লগে লগে আচৰিত হৈ পৰিছে পৰিয়ালটো । মৃত্যুৰ খবৰ পোৱাৰ পাছত স্বামীৰ ঘৰত উপস্থিত হয় মহিলাগৰাকীৰ পৰিয়াল ।

কলগাছিয়াৰ শওঁপুৰত মহিলাৰ ৰহস্যজনক মৃত্যু

পৰিয়ালটোৱে অভিযোগ কৰা মতে স্বামী ছানোৱাৰ হুছেইনে পৰিকল্পিতভাৱে হত্যা কৰিছে তেওঁলোকৰ কন্যাক (Murder in Kalgachia) । ইতিমধ্যে স্বামীৰ বিৰুদ্ধে বালিকুৰি আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে ।

বালিকুৰি আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে । আনহাতে স্বামী আৰু স্বামীৰ পৰিয়ালে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া কোনো হত্যাকাণ্ড নহয় । আকস্মিকভাৱে মৃত্যু হৈছে মহিলাগৰাকীৰ (Woman mysterious death)।

তেওঁলোকৰ মাজত কোনো কাজিয়া হোৱা নাছিল বুলিও কয় স্বামীয়ে । অৱশ্যে নিশা একেটা কোঠাতে আছিল স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ সন্তান । তেনে পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যুক লৈ বিভিন্ন ধৰণৰ সন্দেহৰ আঙুলিও উঠিছে স্বামীৰ বিৰুদ্ধে (Mysterious incident in Kalgachia)। অৱশ্যে কোন সঁচা সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ! এয়া আকস্মিক মৃত্যু নে হত্যা সেয়াও মৰণোত্তৰ পৰীক্ষা ফলাফল আৰু আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে । ইফালে সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰা দেখা গৈছে ।

লগতে পঢ়ক :Suspected murder case: শুই থকা স্বামীৰ কাষতে উদ্ধাৰ চিপ লোৱা অৱস্থাত পত্নীক; হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.