ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 2, 2021, 11:00 AM IST

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

বানৰ কবলত ৰাজ্য : মৃত্যুক সাৱটিলে 5 গৰাকীয়ে

ৰাজ্যত এতিয়া ভদীয়া বানৰ তাণ্ডৱ ৷ প্ৰায় 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক সম্প্ৰতি পৰিছে বানৰ কবলত ৷ বৰ্তমানলৈকে বানত মৃত্য়ু ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 5 গৰাকী লোকৰ ৷

ৰাজ্যত ১ কোটি ৭৫ লাখৰো অধিক লোকক দিয়া হ'ল ভেকচিন

অসমত ১ কোটি ৭৫ লাখ ৫৪ হাজাৰ ১৬ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১ কোটি ৪৪ লাখ গৰাকীক প্ৰথম পালি আৰু ৩১ লাখ ২৭ হাজাৰ লোকক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে ৷

ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

দিখৌমুখৰ ৰূপহীমুখ অঞ্চলৰ ৰাইজে বিগত তিনিটা দশক জুৰি বান আৰু গৰাখহনীয়াৰ সৈতে যুজঁ দি আহিছে ৷ শেহতীয়াকৈ ৰাজ্যত ভয়াবহ ৰূপ লোৱা ভদীয়া বানেও প্ৰভাৱিত কৰিছে ৰূপহীমুখ অঞ্চলটোক

ব্ৰু চুক্তি ৰূপায়ণ : দৈনিক নিৰীক্ষণৰ দাবী অমিত শ্বাহৰ

ব্ৰু পুনৰ সংস্থাপন চুক্তি(Bru resettlement pact) ৰূপায়ণৰ দৈনিক নিৰীক্ষণ হোৱাটো বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে(Union home minister Amit Shah) । বুধবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এই বিষয়ে আলোচনা কৰে ।

উদ্বেগজনকভাৱে উজনিত বৃদ্ধি পাইছে HIV ত আক্ৰান্ত সংখ্যা

HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যাই পুনৰ আন এক আতংকৰ সৃষ্টি কৰিছে ৷ উজনিত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মাৰাত্মক HIV পজিটিভত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান

বুধবাৰে নিশা প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ পৰলোক প্ৰাপ্তি ৷ বিগত ১০ বছৰ ধৰি গৃহবন্দী হৈ আছিল নেতাগৰাকী । মৃত্যুৰ সময়ত নেতাগৰাকী বয়স হৈছিল প্ৰায় ৯১ বছৰ ৷

বক্সাৰ যমুনা বড়ো-আৰ্চাৰ সঞ্জয় বড়োলৈ চৰকাৰী চাকৰি: কেবিনেটৰ অনুমোদন

মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান নামেৰে কৰা নামাকৰণ প্ৰত্যাহাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰেই ৰাখিবলৈ সিদ্ধান্ত লয় আজিৰ কেবিনেটে ।

জৈৱ গেছৰ প্ৰসাৰৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ই-কনক্লেভ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত (Tezpur Central University) দুদিনীয়া কাৰ্যসূচীৰে ই-কনক্লেভ(E-Conclave) অনুষ্ঠিত হৈ যায় ৷ উত্তৰ-পূৱ ভাৰতত জৈৱ গেছ(Biogas) ৰ প্ৰসাৰৰ লক্ষ্যৰে আয়োজন কৰা হৈছিল এই কনক্লেভৰ ৷

Tokyo Paralympics : অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ IndiGo এয়াৰলাইনৰ

স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ ঘোষণা কৰিছে IndiGo এয়াৰলাইনে ৷ 1 ছেপ্টেম্বৰ পৰা IndiGo এয়াৰলাইনৰ জৰিয়তে এবছৰৰ বাবে সীমাহীন বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰি স্বৰ্ণ বিজয়ী অৱনী লেখাৰা আৰু সুমিত এণ্টিলে ৷

Tokyo Paralympics : কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অৰুণা তানৱাৰ

আন এগৰাকী ভাৰতীয়ই সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে টকিঅ' পেৰালিম্পিকৰ মঞ্চত । টাইকোৱাণ্ডো খেলুৱৈ অৰুণা তানৱাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে আন এক পদকৰ আশা মুকলি হৈছে ভাৰতৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.