ETV Bharat / state

ৰাজ্যত ১ কোটি ৭৫ লাখৰো অধিক লোকক দিয়া হ'ল ভেকচিন

author img

By

Published : Sep 1, 2021, 5:08 PM IST

new updates of covid vaccination in assam
ৰাজ্যত ১ কোটি ৭৫ লাখৰো অধিক লোকক দিয়া হ'ল ভেকচিন

অসমত ১ কোটি ৭৫ লাখ ৫৪ হাজাৰ ১৬ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১ কোটি ৪৪ লাখ গৰাকীক প্ৰথম পালি আৰু ৩১ লাখ ২৭ হাজাৰ লোকক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে ৷

গুৱাহাটী, ১ ছেপ্টেম্বৰ : বৰ্তমানলৈকে অসমত ১ কোটি ৭৫ লাখ ৫৪ হাজাৰ ১৬ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১ কোটি ৪৪ লাখ গৰাকীক প্ৰথম পালি আৰু ৩১ লাখ ২৭ হাজাৰ লোকক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে ৷ বুধবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

তেওঁ লগতে আৰু কয় যে আজিৰ তাৰিখত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত প্ৰায় ২১ লাখ পালি প্ৰতিষেধক মজুত আছে । কেৱল গুৱাহাটী মহানগৰীতে ইতিমধ্যে ১১ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । দুই এদিনৰ ভিতৰতে কামৰূপ, মৰিগাঁও আৰু গোলাঘাট জিলাত ঘৰে ঘৰে গৈ প্ৰতিষেধক দিয়া হ'ব ৷

লগতে পঢ়ক: মহানগৰীৰ মাজমজিয়াত দিন-দুপৰতে নৃশংস হত্যাকাণ্ড

লগতে মন্ত্ৰী মহন্তই কয় যে, বৰ্তমানেও ৰাজ্যৰ কেইবাখনো জিলাত ক'ভিডত আক্ৰান্তৰ সংখ্যা দৈনিক ২০ গৰাকীতকৈ অধিক । ৩১ আগষ্টৰ দিনটোত 20 জনতকৈ অধিক লোক আক্ৰান্ত হোৱা তেনে কেইখনমান জিলা হ'ল ক্ৰমে-বৰপেটাত ২৪ গৰাকী, ডিব্ৰুগড়ত ২০ গৰাকী, গোলাঘাটত ৩৭ গৰাকী, যোৰহাটত ৩৭ গৰাকী, লখিমপুৰত ২৬ গৰাকী, নলবাৰীত, শিৱসাগৰত ৩০ গৰাকী, শোণিতপুৰত ২৪ গৰাকী আৰু কামৰূপ (ম) ত ১১৩ গৰাকী ৷

আনহাতে, দ্বিতীয় পালি প্ৰতিষেধক ল'বলৈ এতিয়াও প্ৰায় তিনি লাখ লোক আগবাঢ়ি অহা নাই বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ।

লগতে পঢ়ক: সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.