Tokyo Paralympics : অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ IndiGo এয়াৰলাইনৰ

author img

By

Published : Sep 1, 2021, 5:53 PM IST

IndiGo announces unlimited free travel to Avani Lekhara & Sumit Antil

স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ ঘোষণা কৰিছে IndiGo এয়াৰলাইনে ৷ 1 ছেপ্টেম্বৰ পৰা IndiGo এয়াৰলাইনৰ জৰিয়তে এবছৰৰ বাবে সীমাহীন বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰি স্বৰ্ণ বিজয়ী অৱনী লেখাৰা আৰু সুমিত এণ্টিলে ৷

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : পেৰা অলিম্পিকত স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ ঘোষণা কৰিছে IndiGo এয়াৰলাইনে ৷ 1 ছেপ্টেম্বৰ পৰা IndiGo এয়াৰলাইনৰ জৰিয়তে এবছৰৰ বাবে সীমাহীন বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰিব স্বৰ্ণ বিজয়ী অৱনী লেখাৰা আৰু সুমিত এণ্টিলে ৷ এই কথা ঘোষণা কৰিছে IndiGo এয়াৰলাইনৰ কৰ্তৃপক্ষই ৷

টকিঅ' পেৰা অলিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং ইভেণ্টত অৱনী লেখাৰাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে সুমিত এণ্টিলে পুৰুষৰ জেভলিন F৬৪ ইভেণ্টত ৬৮.৫৫ মিটাৰ বিশ্ব ৰেকৰ্ড থ্ৰৰে স্বৰ্ণ পদক জয় কৰে ৷ এই সফলতাৰ দুয়োগৰাকী খেলুৱৈলৈ 1 ছেপ্টেম্বৰ, 2021 ৰ পৰা 31 আগষ্ট, 2022 পৰ্যন্ত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সীমাহীন বিনামূলীয়া ভ্ৰমণৰ কথা ঘোষণা কৰিছে IndiGo এয়াৰলাইনে ৷

লগতে পঢ়ক: ক্ৰিকেটৰ পৰা অৱসৰ ল’লে বেগী বলাৰ Dale Steyn এ

এই উপহাৰ সন্দৰ্ভত IndiGo এয়াৰলাইনৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণোজয় দত্তই কয়, " দুযোগৰাকী খেলুৱৈয়ে দেশক গৌৰৱান্বিত কৰিছে ৷ গতিকে এই সফলতাৰ বাবে দুয়োকে এবছৰৰ বাবে IndiGo ত বিনামূলীয়া বিমান সেৱা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইণ্ডিগ'ৰ এয়াৰলাইনৰ এই সিন্ধান্তই আন খেলুৱৈ সকলকো উৎসাহিত কৰাৰ লগতে সাহস দিব বুলি আশা প্ৰকাশ কৰে ৰণোজয় দত্তই ৷

উল্লেখ্য যে, কেৱল পেৰা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী আৰু সুমিতে নহয়, ইয়াৰ পূৰ্বে এইবছৰ ভাৰতৰ একমাত্ৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰালৈয়ো বিনামূলীয়া সীমাহীন ভ্ৰমণৰ ঘোষণা কৰিছিল IndiGo এয়াৰলাইনে ৷ নীৰজ চোপ্ৰাক 8 আগষ্ট 2021 পৰা 7 আগষ্ট 2022 ৰ ভিতৰত বিনামূলীয়াকৈ সীমাহীন ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে IndiGoৰ এয়াৰলাইনে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকী কিংবদন্তি ধ্যান চান্দক স্মৰণ

তদুপৰি আন কেইবাটাও ভাৰতীয় বিমান সেৱাই অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম খেলুৱৈ সকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল ৷ Go First নামৰ এয়াৰলাইনেও অহা পাঁচ বছৰৰ বাবে তথা 2025 চন পৰ্যন্ত অলিম্পিকত পদক বিজয়ীসকলৰ বাবে বিনামূলীয়া টিকট দিয়াৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: মানচেষ্টাৰ ইউনাইটেডলৈ প্ৰত্যাৱৰ্তন ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.