ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

author img

By

Published : Sep 1, 2021, 10:21 PM IST

200 families of rupahimukh affected by floods

দিখৌমুখৰ ৰূপহীমুখ অঞ্চলৰ ৰাইজে বিগত তিনিটা দশক জুৰি বান আৰু গৰাখহনীয়াৰ সৈতে যুজঁ দি আহিছে ৷ শেহতীয়াকৈ ৰাজ্যত ভয়াবহ ৰূপ লোৱা ভদীয়া বানেও প্ৰভাৱিত কৰিছে ৰূপহীমুখ অঞ্চলটোক ৷ বৰ্তমানে ৰূপহীমুখ অঞ্চলৰ প্রায় দুশটা পৰিয়াল জলবন্দী হৈ পৰিছে ।

আমগুৰি,১ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ পশ্চিম দিশৰ ৰূপহীমুখ অঞ্চলৰ ৰাইজে বিগত তিনিটা দশক জুৰি বান আৰু গৰাখহনীয়াৰ সৈতে যুজঁ দি আহিছে ৷ শেহতীয়াকৈ ৰাজ্যত ভয়াৱহ ৰূপ লোৱা ভদীয়া বানেও প্ৰভাৱিত কৰিছে ৰূপহীমুখ অঞ্চলটোক ৷ বৰ্তমানে ৰূপহীমুখ অঞ্চলৰ প্রায় দুশটা পৰিয়াল জলবন্দী হৈ পৰিছে ।

বানৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে । ধৰাষাৰ বৰষুণৰ ফলত অস্বাভাৱিকভাৱে ব্ৰহ্মপুত্ৰ জলস্থৰ বৃদ্ধি পোৱাতে ফলতে এই পৰিস্থিতি সৃষ্টি হৈছে ৰূপহীমুখত ৷ বৰ্তমানলৈকে অঞ্চলটোৰ 10 টাতকৈও অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বানত জাহ যোৱাৰ লগতে প্লাৱিত হৈছে অঞ্চলটোৰ উপ-স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয় গৃহ ৷

ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

বানাক্ৰান্ত লোকে সদৰি কৰা মতে, পশুধনৰ সৈতে কৃষক ৰাইজে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিও পশুধনৰ খাদ্যক লৈ ব্যাপক সমস্যাই দেখা দিছে ৷ বিগত 6 টা দিন ধৰি বানৰ কৱলত পৰা ৰূপহীমুখবাসীক সাহাৰ্য হিচাপে কেৱল চাউল, দালি আৰু নিমখৰ প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে ।

অভিযোগ অনুসৰি, 103 নং আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীমুখৰ 350 টা পৰিয়ালৰ দুৰ্দশাৰ খবৰ ল'বলৈ সময় পোৱা নাই সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাই । শীঘ্ৰেই জিলা প্ৰশাসন নাইবা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জলবন্দী হৈ থকা লোকসকলক উদ্ধাৰৰ ব্যৱস্থা নকৰিলে কিন্তু যিকোনো মুহূৰ্ততে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব পাৰে আশংকা কৰিছে ৰূপহীমুখবাসীয়ে ৷

লগতে পঢ়ক: অৰুণাচলত পণবন্দী মৰাণৰ 12 জন যুৱক; পুত্ৰক বিচাৰি অশ্ৰুপাত মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.