ETV Bharat / state

বানৰ কবলত ৰাজ্য : মৃত্যুক সাৱটিলে 5 গৰাকীয়ে

author img

By

Published : Sep 1, 2021, 9:54 PM IST

Updated : Sep 2, 2021, 7:39 AM IST

latest updates of floods in assam
বানৰ কৱলত 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক

ৰাজ্যত এতিয়া ভদীয়া বানৰ তাণ্ডৱ ৷ প্ৰায় 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক সম্প্ৰতি পৰিছে বানৰ কবলত ৷ বৰ্তমানলৈকে বানত মৃত্য়ু ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 5 গৰাকী লোকৰ ৷

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ : ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বানৰ কৱলত পৰিছে এখনৰ পাছত আনখন জিলা । অসমৰ floods reporting and information management system চমুকৈ FRIMS ৰ তথ্য অনুসৰি, অসমৰ 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক বানৰ কৱলত পৰিছে ৷

বানৰ কৱলত পৰা জিলা কেইখন হৈছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ(গ্ৰাম্য), কামৰূপ(ম), লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমৰা, তিনিচুকীয়া আদি ৷ এই 22 খন জিলাৰ মুঠ 57 টা ৰাজহ চক্ৰ এতিয়াও বানৰ কৱলত আছে ৷

লগতে পঢ়ক: অৰুণাচলত পণবন্দী মৰাণৰ 12 জন যুৱক; পুত্ৰক বিচাৰি অশ্ৰুপাত মাতৃৰ

এতিয়ালৈকে 1295 খন ৰাজহ গাঁও ভদীয়া বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ ইয়াৰ ভিতৰত শীৰ্ষ স্থানত মৰিগাঁও জিলা ৷ জিলাখনৰ মুঠ 251 খন গাঁও বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জনসংখ্যাৰ দিশৰ পৰা চাবলৈ গ'লে নলবাৰী জিলাৰ সৰ্বাধিক লোক ভদীয়া বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ মুঠ 110,731 গৰাকী লোক বানৰ কৱলত পৰিছে ৷

শেহতীয়াকৈ বানত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ 5 গৰাকী ৷ তথ্য অনুসৰি, চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্ত লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বৰ্তমানলৈ ৰাজ্যৰ অধিক প্ৰভাৱিত হোৱা বিশেষ 10 জিলাত মুঠ 85 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ বিভাগে স্থাপন কৰা আশ্ৰয় শিবিৰত মুঠ 3584 গৰাকী বানাক্ৰান্ত লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ 4,45,210 টা পশুধনৰ লগতে বন্যপ্ৰাণী ভদীয়া বানৰ কৱলত পৰিছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

Last Updated :Sep 2, 2021, 7:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.