ETV Bharat / state

বক্সাৰ যমুনা বড়ো-আৰ্চাৰ সঞ্জয় বড়োলৈ চৰকাৰী চাকৰি: কেবিনেটৰ অনুমোদন

author img

By

Published : Sep 1, 2021, 10:29 PM IST

মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান নামেৰে কৰা নামাকৰণ প্ৰত্যাহাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰেই ৰাখিবলৈ সিদ্ধান্ত লয় আজিৰ কেবিনেটে ।

বক্সাৰ যমুনা বড়ো-আৰ্চাৰ সঞ্জয় বড়োলৈ চৰকাৰী চাকৰি: কেবিনেটৰ অনুমোদন
বক্সাৰ যমুনা বড়ো-আৰ্চাৰ সঞ্জয় বড়োলৈ চৰকাৰী চাকৰি: কেবিনেটৰ অনুমোদন

গুৱাহাটী, ১ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা অসমৰ দুই ক্ৰীড়া প্ৰতিভা ক্ৰমে আৰ্চাৰ সঞ্জয় বড়ো আৰু বক্সাৰ যমুনা বড়োক ৰাজ্য চৰকাৰে আৱকাৰী পৰিদৰ্শক পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটৰ অন্তত সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, শুকুৰবাৰে "অভিৰুচি ক্ৰীড়া দিৱস"ৰ দিনটোতে দুয়োকে নিযুক্তি পত্ৰ প্ৰদান কৰা হব ।

বক্সাৰ যমুনা বড়ো-আৰ্চাৰ সঞ্জয় বড়োলৈ চৰকাৰী চাকৰি: কেবিনেটৰ অনুমোদন

আনহাতে, বুধবাৰে অনুষ্ঠিত কেবিনেটে গ্ৰহণ কৰা আৰু কেইবাটাও সিদ্ধান্ত প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামাকৰণ কৰিছিল । কিন্তু আজিৰ কেবিনেটে সেয়া প্ৰত্যাহাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰেই ৰাখিবলৈ সিদ্ধান্ত লয় ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

একেদৰে ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ যি খৰচ ইতিমধ্যে হৈছিল বা হ’ব, তাৰ বাবে সকলো জিলালৈ সৰ্বমুঠ ৬৬০ কোটি টকা মোকোলাই দিবলৈ কেবিনেটে আজি অনুমোদন জনায় । একেদৰে ক'ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ চৰকাৰে আগবঢ়াব এক লাখকৈ টকা । আজিৰ কেবিনেটে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এটা দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি ডাঃ শম্ভূধৰ ধৰক নিউৰ' চাৰ্জন হিচাপে নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : Poster politics : হিন্দু দেৱ-দেৱতাৰ ৰূপত প্ৰকাশ ৰাজনৈতিক নেতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.