ETV Bharat / state

মক্কাত হোটেলৰ বাৰাণ্ডাত আশ্ৰয় লৈছে অসমৰ হাজীসকলে - Hajj Pilgrims 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 4:58 PM IST

Hajj Pilgrims 2024: মক্কালৈ হজ কৰিবলৈ যোৱা অসমৰ হাজীসকলৰ লগত অমানৱীয় আচৰণ । অসমৰ হাজীসকল থাকিব লগা হৈছে হোটেলৰ বাৰান্দাত ৷ মহিলা হাজীসকলৰ বাবেও নাই কোনো শৌচালয়ৰ ব্যবস্থা । অসমৰ হাজীসকলৰ এনে পৰিস্থিতিৰ বাবে অসম হজ কমিটিক দায়ী কৰিলে হাজীসকলে ।

Hajj Pilgrims 2024
মক্কাত হোটেলৰ বাৰাণ্ডাত ৰখা হৈছে অসমৰ হাজীসকলক (ETV BHARAT ASSAM)

কাছাৰ, ৩ জুন: পৱিত্ৰ হজ কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ তীৰ্থযাত্ৰী মক্কালৈ যায় । আল্লাৰ ঘৰ হিচাবে খ্যাত কাবা শ্বৰিফত হজ কৰিবলৈ প্ৰতিবছৰৰ দৰে এইবাৰো সমগ্ৰ বিশ্বৰ লগতে অসমৰ হাজীসকলো মক্কাত উপস্থিত হৈছে । কিন্তু অসমৰ পৰা যোৱা হাজীসকলৰ লগত মক্কাত অমানবীয় আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

হাজীসকলে কৰা অভিযোগ মতে, অসমৰ হাজীসকলক মদিনাৰ হোটেলৰ বাহিৰত বাৰাণ্ডাত ৰখা হৈছে । কোনেও তেওঁলোকৰ কোনো খবৰ লোৱা নাই । বিশ্বৰ আন আন হাজীসকলক আৰব চৰকাৰে সকলো সা-সুবিধা প্ৰদান কৰিছে ৷ কিন্তু দেখা গৈছে অসমৰ হাজীসকলক আৰব চৰকাৰে কোনো সা-সুবিধা প্ৰদান কৰা নাই ।

অসমৰ ৩২২ গৰাকী হাজীক এখন হোটেলৰ বাৰাণ্ডাত ৰখা হৈছে । য’ত থকা-খোৱাৰ কোনো সু-ব্যৱস্থা নাই । আনকি মহিলা হাজীসকলৰ বাবেও নাই কোনো শৌচালয়ৰ ব্যবস্থা । অসমৰ হাজীসকলৰ প্ৰতি হোৱা এনে আচৰণৰ বাবে ক্ষুদ্ধ হৈ পৰিছে হাজীসকল । তেওঁলোকে মক্কাত সম্মুখীন হোৱা এই অসুবিধাৰ বাবে অসম হজ কমিটিক দায়ী কৰিছে ।

উল্লেখ্য যে, ছৌদি আৰৱৰ অতি পবিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰাটো মুছলমান সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয় । এই পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকেৰে ভৰি পৰে ছৌদি আৰৱ । এইবাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বহু হাজী মক্কাত হজলৈ গৈছে । ১৬ মে'ৰ পৰা ২৫ মে'লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৩৭০৮ গৰাকী হজযাত্রী মক্কা আৰু মদিনালৈ ৰাওনা হৈছে বুলি ইতিপূৰ্বে হজ সমিতিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ১৬ মে'ত মক্কালৈ উৰা মাৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল - Hajj Pilgrims 2024

লগতে পঢ়ক: মদিনা অভিমুখে ৰাওনা প্ৰথমটো হজযাত্ৰীৰ দল - hajj 2024 flight schedule

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.