ETV Bharat / state

১৬ মে'ত মক্কালৈ উৰা মাৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল - Hajj Pilgrims 2024

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:24 PM IST

FIRST HAJJ PILGRIM GROUP OF NORTHEAST: উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইবাৰ ৩৭০৮ গৰাকী হজযাত্রী মক্কালৈ ৰাওনা হ'ব । পুৰুষ হজযাত্রী ২৬৩২ জনৰ বিপৰীতে আৰু মহিলাৰ সংখ্যা হৈছে ১২৮৪ গৰাকী ।

Joint State Hajj Committee
যুটীয়া ৰাজ্যিক হজ সমিতিৰ সংবাদমেল (ETV BHARAT ASSAM)

যুটীয়া ৰাজ্যিক হজ সমিতিৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, ১৪ মে: অহা ১৬ মে' ৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা । ১৬ মে'ৰ পৰা ২৫ মে'লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৩৭০৮ গৰাকী হজযাত্রী মক্কা আৰু মদিনালৈ ৰাওনা হ'ব । ইয়াৰ ভিতৰত পুৰুষ হজযাত্রী সংখ্যা ২৬৩২ জন আৰু মহিলা হজযাত্রীৰ সংখ্যা হৈছে ১২৮৪ গৰাকী । ১৬ মে' ৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰাৰ বিষয়ে মঙলবাৰে হাজী মুছাফিৰখানাত সংবাদমেল সম্বোধন কৰি সদৰী কৰিলে যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে ।

আজি যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে সংবাদমেলত কয়, "হজযাত্ৰাৰৰ বাবে এইবাৰ ৩৯৩৭ জনে আবেদন কৰিছিল যদিও তাৰ ভিতৰত ৩৭০৮ যাত্ৰীয়ে যাবলৈ সাজু হৈছে । ১৬ মে'ত ইয়াৰে প্ৰথমটো দলটো গুৱাহাটী বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব । প্ৰতিদিনে এখনকৈ বিমানত ৩২৪ গৰাকীকৈ যাত্ৰীয়ে যাত্ৰা কৰিব । ১৯-২০ মে'ত দুখনকৈ বিমান যাব । যাত্ৰীসকলক তদাৰক কৰিবলৈ ১৯ গৰাকী কৰ্মচাৰী প্ৰেৰণ কৰা হৈছে ।" তদুপৰি ১০ জনীয়া চিকিৎসকৰ দল প্ৰেৰণ কৰা হ'ব বুলিও কয় যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে ।

যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষগৰাকীয়ে হজযাত্ৰীসকলৰ সহায়ৰ বাবে হজ সম্পৰ্কীয় তথ্যসমূহ জানিবৰ বাবে কেন্দ্ৰীয় হজ সমিতিয়ে হজ ২০২৪ মোবাইল এপৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰে । যাত্ৰী সকলক বিদায়ৰ দিয়াৰ বাবে বুধবাৰে সন্ধিয়া এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিন, নিমন্ত্ৰিত অতিথি হিচাপে থাকিব অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু স্মৰণিকা 'লাব্বাইকা' উন্মোচন কৰি জ্য়েষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই ।

লগতে পঢ়ক:Haj Pilgrims: হজযাত্ৰালৈ সাজু পূৰ্বোত্তৰৰ 6,302 গৰাকী হজযাত্ৰী

Hajj Pilgrims 2022: ডিঙিত অসমীয়াৰ স্বভিমান গামোচা লৈ পবিত্ৰ মক্কালৈ ৰাওনা হজযাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.