জৈৱ গেছৰ প্ৰসাৰৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ই-কনক্লেভ

author img

By

Published : Sep 2, 2021, 7:32 AM IST

Updated : Sep 2, 2021, 7:48 AM IST

e conclave at tezpur university
তেজপুৰ বিশ্ববিদ্যালয়ত ই-কনক্লেভ ()

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত (Tezpur Central University) দুদিনীয়া কাৰ্যসূচীৰে ই-কনক্লেভ(E-Conclave) অনুষ্ঠিত হৈ যায় ৷ উত্তৰ-পূৱ ভাৰতত জৈৱ গেছ(Biogas) ৰ প্ৰসাৰৰ লক্ষ্যৰে আয়োজন কৰা হৈছিল এই কনক্লেভৰ ৷

তেজপুৰ, 2 ছেপ্তেম্বৰ : উত্তৰ-পূৱ ভাৰতত জৈৱ গেছ(Biogas) ৰ প্ৰসাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে 30 আৰু 31 আগষ্টত এক ই-কনক্লেভ(E-Conclave) অনুষ্ঠিত কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে(Tezpur Central University) ৷ GOBARDHAN (Galvanizing Organic Bio-Agro Resources Dhan) জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ (Department of Energy) দ্বাৰা ৰূপালী জয়ন্তী উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

e conclave at tezpur university
তেজপুৰ বিশ্ববিদ্যালয়ত ই-কনক্লেভ

GOBARDHAN (Galvanizing Organic Bio-Agro Resources Dhan)ৰ লক্ষ্য হৈছে গাঁৱসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা, গৰুৰ গোবৰেৰে জৈৱ গেছ আৰু পচন সাৰ উৎপাদন কৰা আৰু কৃষিজাত আৱৰ্জনা সমূহ দূৰ কৰা । আনহাতে, SATAT (Sustainable Alternative Towards Affordable Transportation) ঔদ্যোগিক স্কেল স্থাপনৰ লক্ষ্যৰে সংকুচিত জৈৱ গেছ (CBG) প্ৰকল্প নিৰ্মাণ কৰা আৰু ইয়াক স্বয়ংচালিত ইন্ধনত ব্যৱহাৰৰ বাবে উপলব্ধ কৰা ।

2018 চনত ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু জল শক্তি মন্ত্ৰালয়ে (Petroleum & Natural Gas and Jal Shakti Ministry) এই দুয়োখন অভিলাষী আঁচনি আৰম্ভ কৰিছিল । বায়’গেছ প্ৰযুক্তি এক সাম্ভাব্য বৃত্তাকাৰ অৰ্থনীতি প্ৰণালী, যিটোৱে বহনক্ষমৰ উন্নয়নৰ লক্ষ্য, জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু ঘৰুৱা শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰে ৷ বিশ্ববিদ্যালয়খনৰ শক্তি বিভাগৰ মুৰব্বী অধ্যাপক ডি চি বৰুৱাই এই কথা উল্লেখ কৰে ৷

লগতে পঢ়ক: ৪৫ বছৰীয়া হ'ল গুৱাহাটী আৰ্টিষ্ট গীল্ড

উক্ত ই-কনক্লেভৰ সমন্বয়ক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) এক ভিডিঅ’যোগে এই ই-কনক্লেভখন সম্বোধন কৰে । নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত গৱেষণা আৰু প্ৰচাৰমূলক কামৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অৱদানক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, এই ই-কনক্লেভ সময়োপযোগী আছিল ৷ ই উদ্যোগীসকলক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব ৷ গোৱৰ্ধন কাৰ্যসূচীৰ পৰিসৰৰ অধীনতেই উদ্যোগসমূহ আৰম্ভ কৰিছে চৰকাৰে ।

e conclave at tezpur university
তেজপুৰ বিশ্ববিদ্যালয়ত ই-কনক্লেভ

আনহাতে, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই(Jishnu Barua) বিশ্ববিদ্যালয়ৰ বিভাগটোৰ 25 বৰ্ষপূৰ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ নতুন মন্ত্ৰালয়ৰ যুটীয়া সচিব দীনেশ দয়ানন্দ জগদালেই(Dinesh Dayanand Jagdale) কয় যে, উত্তৰ-পূৱ ভাৰতত জৈৱ গেছৰ প্ৰচাৰৰ ক্ষেত্ৰত এই ই-কনক্লেভে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব ।

উত্তৰ-পূৱ ভাৰতত জৈৱ গেছৰ বিকাশ সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভি কে জৈনে(Prof. VK Jain) এক সুন্দৰ আলোকপাত কৰে ৷ এই কনক্লেভতে ছয়টা পৃথক কাৰিকৰী অধিৱেশনত বিশেষজ্ঞসকলৰ দ্বাৰা 14 টা কাৰিকৰী উপস্থাপন কৰা হৈছিল বুলি জানিবলৈ দিয়ে ।

কেঁচা সামগ্ৰী সম্পৰ্কীয় বিভিন্ন সমস্যা (বহনক্ষম উপলব্ধতা আৰু বৈশিষ্ট্য), কাৰ্যকৰী জটিলতা, দক্ষতা জনশক্তি, নীতি, মানদণ্ড মানক, প্ৰযুক্তি, জৈৱিক সাৰ উৎপাদন আৰু বিপণন, চিবিজি সংৰক্ষণৰ লজিষ্টিক, উত্তৰ-পূৱ অঞ্চলৰ সৈতে সম্পৰ্কিত সঞ্চালন আৰু বিপণনৰ বিশেষ প্ৰসংগৰো ই-কনক্লেভৰ জৰিয়তে চিন্তা-চৰ্চা কৰা হৈছে ।

লগতে পঢ়ক: ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

Last Updated :Sep 2, 2021, 7:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.