ETV Bharat / bharat

ব্ৰু চুক্তি ৰূপায়ণ : দৈনিক নিৰীক্ষণৰ নিৰ্দেশ অমিত শ্বাহৰ

author img

By

Published : Sep 2, 2021, 10:02 AM IST

Updated : Sep 2, 2021, 11:13 AM IST

ব্ৰু পুনৰ সংস্থাপন চুক্তি(Bru resettlement pact) ৰূপায়ণৰ দৈনিক নিৰীক্ষণ হোৱাটো বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে(Union home minister Amit Shah) । বুধবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এই বিষয়ে আলোচনা কৰে । বৈঠকত কি কি আলোচনা হ'ল, সেই বিষয়ে টুইটযোগে জনাইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Amit Shah wants daily monitoring on Bru resettlement pact implementation
ব্ৰু চুক্তি ৰূপায়ণৰ সন্দৰ্ভত দৈনিক নিৰীক্ষণ কৰাটো বিচাৰে অমিত শ্বাহে

নেশ্যনেল ডেস্ক, ২ ছেপ্তেম্বৰ : বুধবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰু পুনৰ সংস্থাপন চুক্তি ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিবলৈ সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক । অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতে বিপ্লৱ কুমাৰ দেৱে টুইটযোগে জনাইছে যে, ব্ৰু পুনৰ সংস্থাপন চুক্তি ৰূপায়ণৰ ওপৰত দৈনিক নিৰীক্ষণ কৰাটো নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ লোৱা হ'ব ।

লগতে তেওঁ জনায় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ব্ৰু ৰিয়াং জনগোষ্ঠীৰ গৃহহীন পৰিয়ালবোৰক ত্ৰিপুৰাত পুনৰ সংস্থাপন দিয়া প্ৰক্ৰিয়া সন্দৰ্ভত বিতংভাৱে আলোচনা অনুষ্ঠিত কৰা হয় ৷

পুনৰ সংস্থাপন প্ৰক্ৰিয়া সময় মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ এতিয়াৰে পৰা দৈনিক নিৰীক্ষণ কৰা হ'ব বুলি বিপ্লৱ কুমাৰ দেৱে টুইটযোগে প্ৰকাশ কৰে । লগতে তেওঁ আশ্বাস দিয়ে যে, এই প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা হ'ব ।

ত্ৰিপুৰাত ব্ৰু-ৰিয়াং জনগোষ্ঠীৰ গৃহহীন পৰিয়ালসমূহৰ স্থায়ী পুনৰ সংস্থাপনৰ এই ২৩ বছৰ পুৰণি সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে এতিয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ টুইটটোত উল্লেখ কৰে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কাৰ্যকৰী কৰি তোলাৰ বাবে ত্ৰিপুৰা চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ২০২০ চনৰ ১৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ভাৰত চৰকাৰ, ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰ আৰু ব্ৰু ৰিয়াঙৰ প্ৰতিনিধিসকলৰ মাজত ব্ৰু পুনৰ সংস্থাপন চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তি অনুসৰি, ব্ৰু-ৰিয়াং জনগোষ্ঠীৰ এই লোকসকলক সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ত্ৰিপুৰাত । নিৰ্ধাৰিত সময়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস অব্য়াহত ৰাখিছে ত্ৰিপুৰা চৰকাৰে ।

লগতে পঢ়ক: প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান

Last Updated : Sep 2, 2021, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.