ETV Bharat / state

খেতি এৰি ৰাজপথত প্ৰাপ্য বঞ্চিত খেতিয়ক - challenges for small tea growers

Assam Tea : খেতি এৰি ৰাজপথত ক্ষুদ্ৰ চাহ খেতিয়ক ৷ চাহ খেতি এৰি সোণাৰিত প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিল শ শ ক্ষুদ্ৰ চাহ খেতিয়ক ৷

small tea growers
খেতি এৰি ৰাজপথত প্ৰাপ্য বঞ্চিত খেতিয়ক (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : June 3, 2024 at 2:15 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, 3 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । কিন্তু চাহ কোম্পানীসমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

খেতি এৰি ৰাজপথত প্ৰাপ্য বঞ্চিত খেতিয়ক (Etv bharat assam)

কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰা সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত 1 জুনৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক । ফলত চাহ খেতি এৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে ৰাজ্যৰ শ শ ক্ষুদ্ৰ চাহ খেতিয়ক ।

যোৱা এক জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতত নিষিদ্ধ ৰাসায়নিক দৰৱ পোৱাৰ গইনা লৈ কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মাজত সৃষ্টি হৈছে সংঘাতৰ । বটলিফ ফেক্টৰীৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে সোণাৰি নগৰৰ লাচিত উদ্যানৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কৰ্মকৰ্তাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা‌ গ্ৰহণ কৰিবলৈ আগবাঢ়ি নহাক লৈ ক্ষোভ প্ৰকাশ কৰিছে চাহ খেতিয়কসকলে । লগতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় কৰাৰ সলনি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ চাহপাত ক্ৰয়ৰ অভিযোগ উত্থাপন হৈছে চাহ ফেক্টৰীৰ মালিক গোষ্ঠীৰ বিৰুদ্ধে ।

চাহ ফেক্টৰীসমূহে কেৱল মাত্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ দাম হ্ৰাস কৰিবলৈ এই চক্ৰান্ত কৰাৰ অভিযোগ তুলিছে খেতিয়কসকলে । এই সিদ্ধান্ত বাতিল নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷

লগতে পঢ়ক: শিৱসাগৰৰ দুটা বটলিফ কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Growers Association