ETV Bharat / state

শিৱসাগৰৰ দুটা বটলিফ কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - Small Tea Growers Association

Small tea growers : কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ লগতে চাহ কোম্পানীসমূহৰ শোষণৰ সন্মুখীন হৈ আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । বটলিফ কোম্পানীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁ‌চা চাহপাত ক্ৰয় নকৰে বুলি কৰা ঘোষণাৰ পিচতেই ক্ষোভৰ সৃষ্টি ।

Sivasagar Small Tea growers Association
শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 2, 2024 at 2:20 PM IST

3 Min Read
Choose ETV Bharat

আমগুৰি, ২ জুন: ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বটলিফ কোম্পানী । বটলীফ কোম্পানীৰ বাবেই কেঁচা চাহপাতৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত চাহ খেতিয়কসকল । এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা । শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই ষড়যন্ত্ৰত লিপ্ত বটলিফ কোম্পানীৰ বিৰুদ্ধে আন্দোলনৰ ভাবুকি দিয়ে ।

শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা (ETV BHARAT ASSAM)

শেহতীয়াভাৱে বটলিফ কোম্পানীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁ‌চা চাহপাত ক্ৰয় নকৰে বুলি ঘোষণা কৰাৰ পিচতেই সৰৱ হৈ পৰিছিল এই খেতিয়কসকল । শিৱসাগৰ জিলাত ১৯ টা বটলিফ কোম্পানীয়ে কেঁ‌চা চাহপাত ক্ৰয়ৰ বিপৰীতে ২টা বটলিফ কোম্পানীয়ে বৰ্তমানেও গ্ৰহণ কৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁ‌চা চাহপাত ।

শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জয়া ফেক্টৰী আৰু এছ কে ফেক্টৰী নামৰ বটলিফ কোম্পানীৰ বিৰুদ্ধে গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী । শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি দুই বটলিফ কোম্পানীৰ বিৰুদ্ধে সৰৱ হৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে । অহা ৩ জুনত এই দুই বটলিফ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় চাহ ব'ৰ্ডলৈ প্ৰেৰণ কৰিব দাবী পত্ৰ । ৫ জুনত গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী । ৫ জুনত পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰিব ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সংবাদমেলত ক্ষুদ্ৰ চাহ খেতিয়কক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰা বটলিফ কোম্পানীৰ বিৰুদ্ধে সৰৱ হৈ কয় যে শিৱসাগৰ জিলাৰ দুটাকৈ বটলিফ কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ অহা ৩ জুনত চাহ ব'ৰ্ড আৰু জিলা আয়ুক্তক দাবী পত্ৰ প্ৰদান কৰিব ।

অসমত প্ৰায় ২ লাখ চাহ খেতিয়কক পেটে মৰাৰ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈ শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জিলাখনৰ জয়া ফেক্টৰী আৰু এছ কে ফেক্টৰীৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণৰ দাবী জনাইছে । ক্ষুদ্ৰ চাহ খেতিয়কৰ ১০০ শতাংশ কেচা চাহপাত ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে অনুজ্ঞাপত্ৰ লাভ কৰা এই দুই ফেক্টৰীৰ অনুজ্ঞাপত্ৰখন বাতিল কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে শিৱসাগৰ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে নলয় চাহপাত; চিন্তাত ক্ষুদ্ৰ চাহ খেতিয়ক - Small Tea Farmers

বন্ধ হ’ব ৰাজ্যৰ 200 টা বটলিফ ফেক্টৰী: গভীৰ সংকটৰ দিশে অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ - Small Tea Gardens In Assam

ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা - Protest Of Small Tea Planters