ETV Bharat / state

ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা - protest of small tea planters

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 9:49 PM IST

Small tea growers in Assam
ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা

সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ লগতে চাহ কোম্পানী সমূহৰ শোষণৰ সন্মুখীন হৈ আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । ইয়াৰ মাজতেই কলঘৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা

মৰাণ, ৩১ মাৰ্চ: আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাজ্য়ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । কিন্তু সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ লগতে চাহ কোম্পানী সমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰা সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তত হাহাকাৰ লাগিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ । ফলত চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়ক সকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি।

উল্লেখ্য় যে কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ ৰাজ্যৰ কলঘৰ সমূহে ১ এপ্ৰিলৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰিছে । লগে লগে কলঘৰে ১ এপ্ৰিলৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতসমূহ কলঘৰসমূহে পৰীক্ষাগাৰৰ পৰীক্ষাৰ প্ৰতিবেদন অবিহনে গ্ৰহণ নকৰাৰ হঠকাৰী সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰিছে চাহ খেতিয়কসকলে । পৰীক্ষাগাৰৰ পৰীক্ষাৰ প্ৰতিবেদনৰ গইনা লৈ বটলিফ্ট ফেক্টৰীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

আনহাতে, কোনো কাৰণতে বটলিফ্ট ফেক্টৰী সমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত লোৱা বন্ধ কৰিব নোৱাৰিব বুলিও হুংকাৰ দিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। এই সন্দৰ্ভত আজি চৰাইদেউৰ সোণাৰিত এখন সভাত মিলিত হয় অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়া সকল । ইতিমধ্যে এই বিষয়টো মীমাংসা কৰিবলৈ চাহ ব'ৰ্ডক আহ্বান জনোৱা বুলিও কয় অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । ক্ষুদ্ৰ চাহ খেতিয়কৰ সকলৰ এই সমস্যাক লৈ এতিয়া ৰাজ্য চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে অৰ্কিড সংৰক্ষণৰে দেখুৱাইছে নিদৰ্শন - Orchid Conservation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.