ETV Bharat / state

অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে অৰ্কিড সংৰক্ষণৰে দেখুৱাইছে নিদৰ্শন - Orchid conservation

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 7:33 AM IST

Teachers of non-provincialised schools do orchid reservation in Chirang
অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে অৰ্কিড সংৰক্ষণৰে দেখুৱাইছে নিদৰ্শন

Orchid conservation : চিৰাঙত অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষকৰ বিশেষ পদক্ষেপ । নিজা প্ৰচেষ্টাৰে সংৰক্ষণ কৰিছে প্ৰায় দুই শতাধিক অৰ্কিড । হাইব্ৰীড অৰ্কিড বিক্ৰী কৰি কোনোমতে পৰিয়াাল পোহপাল দি আহিছে শিক্ষকগৰাকীয়ে ।

অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে অৰ্কিড সংৰক্ষণৰে দেখুৱাইছে নিদৰ্শন

চিৰাং,৩১ মাৰ্চ: এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ প্ৰশংসনীয় পদক্ষেপ । চিৰাং জিলাৰ বেংতলৰ নিকটৱৰ্তী অন্থাইবাৰী গাঁৱত এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে এখনি অৰ্কিড উদ্যান ৷ যি সময়ত ভুটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজনৰ অধীনৰ এলেকাত বন ধ্বংসৰ দৰে কাৰ্য সংঘটিত হৈছে তেনে সময়ত একান্তভাৱে শিক্ষকজনে বনাঞ্চলৰ পৰা সংগ্ৰহ কৰিছে নানা বিধৰ অৰ্কিড ৷

সম্প্ৰতি বেংতল অন্থাইবাৰীৰ শিক্ষক অঞ্চৰাম নাৰ্জাৰীৰ পদুলিৰ পৰা তামোল বাৰীলৈ বিধে বিধে অৰ্কিডৰে জাতিষ্কাৰে হৈ পৰিছে ৷ বিগত ২০১৩ চনৰ পৰা বিভন্ন ধৰণৰ কপৌফুল সংগ্ৰহ কৰি সংৰক্ষণ কৰি ৰখাৰ চেষ্টা কৰি অহা শিক্ষকজনৰ বাসগৃহত সম্প্ৰতি দুশৰোধিক নানাবিধ অৰ্কিড সংৰক্ষণ হৈছে ৷

সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, তেওঁৰ এই প্ৰচেষ্টাত তেওঁৰ সহধৰ্মিনীয়ে সহায় কৰি আহিছে ৷ বিভিন্ন অৰ্কিডৰ ওপৰত গৱেষণা কৰা কেবাজনো গৱেষকে তেওঁৰ অৰ্কিড উদ্যান পৰিদৰ্শন কৰিছে ৷ তেওঁ চাৰে তিনি বিঘা মাটিত অৰ্কিড সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৷ চিৰাঙতে পোৱা অৰ্কিডসমূহ তেওঁ নতুন প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিব বিছাৰে বুলি উল্লেখ কৰে ।

লগতে বন বিভাগৰ লগতে চৰকাৰৰ পৰা আৰ্থিক সহায় লাভ কৰিলে দুগুণে অৰ্কিডৰ সংৰক্ষণৰ ব্যৱস্থাৰে প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক অৱস্থা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব বুলি মত ব্যক্ত কৰে ৷ দমগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অঞ্চৰাম নাৰ্জাৰীয়ে ঘৰতে সৰুকৈ এই অৰ্কিড উদ্যান গঢ়ি তুলি ইয়াৰে পৰা হাইব্ৰীড প্ৰজাতিৰ অৰ্কিড ক্ৰেতাক বিক্ৰী কৰি চাৰিজনীয়া পৰিয়ালটো চলাই নিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: World Environment Day 2023 : ৫০০ ৰো অধিক অৰ্কিড সংৰক্ষণ কৰি চৰ্চাত জাঁজীৰ আৰ্চাদ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.