World Environment Day 2023 : ৫০০ ৰো অধিক অৰ্কিড সংৰক্ষণ কৰি চৰ্চাত জাঁজীৰ আৰ্চাদ খান

By

Published : Jun 5, 2023, 2:27 PM IST

thumbnail

আমগুৰি, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day 2023) । পৰিৱেশ সুৰক্ষাৰ এই দিনটোতে চৰ্চালৈ আহিছে এজন যুৱক । জাঁজীৰ আৰ্চাদ খান নামৰ যুৱকজনে নিজা গৃহতে ৫০০ ৰো অধিক অৰ্কিড সংৰক্ষণ কৰি চৰ্চা লাভ কৰিছে (Orchid conservation center)। যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জাঁজী নাৰ্চাৰী স্থাপন কৰি যুৱক আৰ্চাদ খানে প্ৰকৃতি ভালপোৱাৰ নিদৰ্শন দাঙি ধৰিছে ।

দেশী-বিদেশী অৰ্কিড সংৰক্ষণ কৰি বিশেষকৈ অৰুণাচল, নাগালেণ্ড, মণিপুৰকে ধৰি থলুৱাভাৱে কিছুমান অৰ্কিড সংগ্ৰহ কৰি সংৰক্ষণ কৰি আহিছে । অৰ্কিড বিক্ৰীৰ কাৰণে নহয়; অৰ্কিডক ভালপোৱা প্ৰত্যেকজন প্ৰকৃতিপ্ৰেমীয়েই আৰ্চাদ খানৰ জাঁজী নাৰ্চাৰীলৈ আহি অৰ্কিডসমূহ উপভোগ কৰিব পাৰিব (Jaji Orchid conservation center has many Species of Orchid) ।

যোৱা ১৫ বছৰ ধৰি গছ-গছনিৰ সৈতে একাত্ম হোৱা আৰ্চাদ খানে বিশ্ব পৰিৱেশ দিনটোতে সকলোকে আহ্বান জনাইছে যে ‘‘গছপুলি ৰোপণ কৰিলেই নহ'ব, পুলিটোক ডাঙৰ-দীঘল কৰাৰো দায়িত্ব ল’ব লাগিব’’ । আৰ্চাদৰ এনে আহ্বানে সকলো প্ৰকৃতিপ্ৰেমীৰ মন চুই গৈছে ।

সেউজীয়া পৰিৱেশ ভালপোৱাৰ কাৰণেই নিজা গৃহতেই আৰ্চাদে এখন নাৰ্চাৰী গঢ় দি লৈছে । আজিৰ এই বিশ্বৰ পৰিৱেশ দিনটোতেই প্ৰকৃতিপ্ৰেমী আৰ্চাদে সকলোকে আহ্বান জনাইছে সেউজীয়াক বুকুত সাৱটি প্ৰকৃতিক নিজৰ কৰি ল'বলৈ ।

লগতে পঢ়ক : Orchid conservation center: প্ৰায় ৭৫০ বিধ কপৌফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দাৰিয়াভেটিৰ এখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.