ETV Bharat / bharat

সেনা শিবিৰত সংঘটিত গ্ৰেণেড আক্ৰমণৰ সন্দৰ্ভত পৰেশ বৰুৱাৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল - NIA chargesheets agaisnt ULFA I

author img

By ANI

Published : May 30, 2024, 10:47 AM IST

Attack on Army camp : 2023 চনৰ 22 নৱেম্বৰৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত এটা সেনা শিবিৰত সংঘটিত হৈছিল গ্ৰেণেড আক্ৰমণৰ ঘটনা ৷ উক্ত ঘটনাত চাৰিজন পলাতকসহ ছয়জনক দোষী সাব্যস্ত কৰি বুধবাৰে নিয়াই দাখিল কৰে চাৰ্জশ্বীট ৷

Attack on Kakopathar Army camp
নিয়াৰ চাৰ্জশ্বীট দাখিল (Source : ANI)

নিউজ ডেস্ক, 30 মে’: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা অৰ্থাৎ নিয়াই বুধবাৰে অসমত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বাঃ) নে সেনা শিবিৰত কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত চাৰিজন পলাতকসহ মুঠ ছয়জনক অভিযুক্ত সাব্যস্ত কৰিছে ৷ গুৱাহাটীস্থিত নিয়াৰ এখন বিশেষ আদালতত এই সন্দৰ্ভত দাখিল কৰা হৈছে চাৰ্জশ্বীট ৷

এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল 2023 চনৰ 22 নৱেম্বৰৰ সন্ধিয়া ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত এটা সেনা শিবিৰলৈ বুলি লক্ষ্য কৰি দুজন মটৰ চাইকেল আৰোহীয়ে নিক্ষেপ কৰিছিল দুটাকৈ গ্ৰেণেড ৷

লগতে পঢ়ক: Congress Leader Son Arrested By NIA: ISIS নেটৱৰ্কৰ লগত জড়িত থকাৰ সন্দেহত কংগ্ৰেছ নেতাৰ পুত্ৰক আটক

সংস্থাটোৱে নিষিদ্ধঘোষিত সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাৰ লগতে এছ এছ ব্ৰিগেডিয়াৰ অৰুণোদয় দহোতীয়া, এছ এছ দ্বিতীয় লেফটেনেণ্ট সৌৰভ অসম, এছ এছ কেপ্টেইন অভিজিত গগৈ ওৰফে আইছেং অসম আৰু আন দুজন ক্ৰমে পৰাগ বৰা আৰু বিজয় মৰাণক এই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হিচাপে চিনাক্ত কৰিছে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে পৰাগ বৰা আৰু বিজয় মৰাণক তিনিচুকীয়া জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৷ অৱশ্যে বাকীকেইজন অভিযুক্ত পলাতক অৱস্থাত আছে ৷

লগতে পঢ়ক: NIA Arrests Suspected Terrorist : হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত সন্দেহজনক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা আলফা(স্বা) ৰ শীৰ্ষ নেতৃত্বই এই আক্ৰমণ কৰাৰ কথা উল্লেখ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বে-আইনী কাৰ্যকলাপ(প্ৰতিৰোধ) আইন আৰু বিস্ফোৰক পদাৰ্থ আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত দাখিল কৰা হৈছে অভিযোগপত্ৰখন(চাৰ্জশ্বীট) ।

এই আক্ৰমণৰ ঘটনাত কোনো লোক আহত হোৱা নাছিল যদিও ই ৰাজ্যজুৰি সেনা শিবিৰত কেইবাটাও গ্ৰেণেড আক্ৰমণৰ জৰিয়তে জোৱানসকলৰ ওপৰত আক্ৰমণ কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ নিহিত হৈ থকাটোকে স্পষ্ট কৰিছিল ৷

লগতে পঢ়ক: জ্যেষ্ঠ IPS দিনকৰ গুপ্তাক NIAৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

উল্লেখ্য যে, অসম আৰক্ষীৰ দ্বাৰা পূৰ্বে এই গোচৰটো গ্ৰহণ কৰা বুলি নিয়াৰ তদন্তত প্ৰকাশ পাইছিল ৷ পৰেশ বৰুৱা ওৰফে পৰেশ অসম আৰু অৰুণোদয় দহোতীয়া ওৰফে অৰুণোদয় অসম ওৰফে ইকবাল ওৰফে ৰম্য মেচ ওৰফে বিজিত গোঁহায়ে এই আক্ৰমণৰ মূল নায়ক আছিল ।

দুয়োজনে সুৰেশ গগৈ ওৰফে সৌৰভ অসম আৰু আন এজন কেডাৰক অসমৰ সেনা শিবিৰত নিৰন্তৰ আক্ৰমণ চলাবলৈ দায়িত্ব দিছিল । দেখা গৈছিল যে, অভিজিত গগৈ ওৰফে কনক গগৈ ওৰফে ৰুমেল অসম ওৰফে আইচেং অসমে তাৎক্ষণিকভাৱে আক্ৰমণৰ সমগ্ৰ পৰিকল্পনা, প্ৰস্তুতি আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আগভাগ লৈছিল ।

লগতে পঢ়ক: মিজোৰামত বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিব নিয়াই

আলফা কেডাৰগৰাকীয়ে বিজয় মৰাণ ওৰফে ইপুল ওৰফে গাণ্ডিৰ সৈতে এই আক্ৰমণৰ ঘটনাত জড়িত হোৱাৰ লগতে এই কাৰ্যত স্থানীয় যুৱকসকলক নিয়োগ কৰিছিল বুলি নিয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ৷

নিয়াই দাবী কৰা অনুসৰি, নিষিদ্ধঘোষিত সংগঠনটোৱে একাংশ যুৱক-যুৱতীক সংগঠনটোত নিযুক্তি দিয়াৰ বাবে ব্যৱহাৰ কৰিছিল সামাজিক মাধ্যম ৷ নিযুক্তিৰ পিছত তেওঁলোকক কূটাঘাতমূলক কাৰ্যকলাপত যোগ দিয়াৰ উদ্দেশ্যে দিয়া হৈছিল প্ৰশিক্ষণ ৷ উল্লেখ্য যে, কাকপথাৰৰ সেনা শিবিৰত সংঘটিত গ্ৰেণেড আক্ৰমণৰ ঘটনাত জড়িত বাকীসকল অভিযুক্তৰ সন্ধানত নিয়াই অব্যাহত ৰাখিছে অনুসন্ধান ৷

লগতে পঢ়ক: কৰ্ণাটকাৰ ১১ টা স্থানত NIA ৰ তালাচী, বেল্লাৰীৰ পৰা কিছু লোকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.