ETV Bharat / bharat

কৰ্ণাটকাৰ ১১ টা স্থানত NIA ৰ তালাচী, বেল্লাৰীৰ পৰা কিছু লোকক আটক

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 4:32 PM IST

Updated : Dec 18, 2023, 4:58 PM IST

NIA searches in 11 locations in Karnataka
কৰ্ণাটকৰ ১১ টা স্থানত NIA ৰ তালাচী

NIA raid against PFI: পিএফআইৰ বিৰুদ্ধে অভিযান অব্যাহত আছে NIA ৰ ৷ NIA বিষয়াৰ এটা দলে কৰ্ণাটকাৰ 11 টা, ঝাৰখণ্ডত 4 টা, মহাৰাষ্ট্ৰত 3 টা আৰু দিল্লীৰ 1 টা স্থানত তালাচী অভিযান চলায় ৷

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সোমবাৰে সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে সম্পৰ্কৰ সন্দেহত কৰ্ণাটকাৰ বেংগালুৰুকে ধৰি চাৰিখন ৰাজ্যৰ প্ৰায় 20 টা স্থানত তদন্ত অব্যাহত ৰাখিছে । আজি NIA বিষয়াৰ এটা দলে কৰ্ণাটকৰ 11 টা, ঝাৰখণ্ডত 4 টা, মহাৰাষ্ট্ৰত 3 টা আৰু দিল্লীৰ 1 টা স্থানত তালাচী অভিযান চলাই আছে। অভিযানকাৰী দলটোৱে কৰ্ণাটকাৰ পুলাকেশীনগৰ, শিৱাজীনগৰ, জে চি নগৰৰ চিন্নাপ্পা বাগিচা আৰু বেল্লাৰীৰ কিছু অংশকে ধৰি বহু ঠাইত অভিযান চলাই আছে ৷

আজি পুৱা বেল্লাৰীত চলা NIA ৰ অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে নিষিদ্ধ পিএফআই সংগঠনৰ কিছু সদস্যৰ ঘৰত তালাচী চলায় ৷

ইতিমধ্যে অভিযানকাৰী দলটোৱে বেল্লাৰীৰ পৰা কিছু লোকক জিম্মাত লৈছে বুলি জানিব পৰা গৈছে । এই অভিযানকালতে বেংগালুৰুৰ বাদাৰাহাল্লিত থকা এটা ভাৰাঘৰত বাস কৰা এজন ব্যক্তিৰ পৰাও বহুতো নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷

ইয়াৰ উপৰিও, অভিযানকাৰী দলটোৱে অবৈধ কাৰ্যকলাপত লিপ্ত হ'বলৈ চেষ্টা কৰাৰ অভিযোগত পিএফআইৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদকৰ ঘৰত তালাচী চলায় ৷ ইতিমধ্যে NIA ৰ বিষয়াসকলে কৌল বজাৰ, ব্ৰুচপেট আৰু গান্ধীনগৰ আৰক্ষী থানাৰ অধীনৰ পাঁচটা স্থানৰ লগতে বেল্লাৰী চহৰৰ চাৰিওফালে অভিযান চলাইছে ৷ ইয়াৰোপৰি NIA ৰ দলটোৱে গোচৰ ৰুজু হোৱা ফাইলসমূহ নিৰীক্ষণ কৰি আছে ৷

কেইমাহ মানৰ পূৰ্বে হায়দৰাবাদৰ NIA বিষয়াৰ এটা দলে বেল্লাৰীত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷

এনআইএয়ে ২০২২ চনৰ ছেপ্টেম্বৰত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সৈতে জড়িত কেইবাটাও স্থানত সমগ্ৰ দেশতে অভিযান চলাইছিল আৰু পাচত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংগঠনটোক ৫ বছৰৰ বাবে অস্থায়ীভাৱে নিষিদ্ধ কৰিছিল ।

লগতে পঢ়ক: NIA raid against PFI: পিএফআইৰ প্ৰাক্তন কৰ্মীৰ বাসগৃহত NIAৰ অভিযান

Last Updated :Dec 18, 2023, 4:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.