ETV Bharat / bharat

Congress Leader Son arrested by NIA: ISIS নেটৱৰ্কৰ লগত জড়িত থকাৰ সন্দেহত কংগ্ৰেছ নেতাৰ পুত্ৰক আটক

author img

By

Published : Jan 7, 2023, 4:31 PM IST

কৰ্ণাটকত ISIS নেটৱৰ্কৰ সম্প্ৰসাৰণ কৰাৰ অভিযোগত নিয়াৰ অভিযান অব্যাহত আছে ৷ কৰ্ণাটকৰ উদুপীৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ)(National Investigation Agency) ISIS নেটৱৰ্কৰ লগত জড়িত থকাৰ সন্দেহত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ (Block Congress General Secretary) পুত্ৰ ৰীশানক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিছতে কৰ্ণাটকত সলনি হৈছে ৰাজনৈতিক পটভূমি ৷

Terror suspect: Congress Leader Son arrested by NIA in Udupi
ISIS নেটৱৰ্কৰ লগত জড়িত থকাৰ সন্দেহত কংগ্ৰেছ নেতাৰ পুত্ৰক আটক

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী: দেশত ISIS নেটৱৰ্কৰ ভয়ংকৰ জাল (ISIS network in India)৷ এইবাৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াৰ ৰোষত পৰিল কংগ্ৰেছ নেতাৰ পুত্ৰ (Congress Leader Son arrested by NIA)৷ যোৱা 5 জানুৱাৰীত কৰ্ণাটকৰ উদুপীৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ)(National Investigation Agency) ISIS নেটৱৰ্কৰ লগত জড়িত থকাৰ সন্দেহত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ (Block Congress General Secretary) পুত্ৰ ৰীশানক গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য যে ৰাজ্যত ISISৰ বৃহৎ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যখনত এটা গোচৰ ৰুজু কৰা হৈছিল ৷ এই গোচৰৰ অভিযোগত ৰীশানৰ নাম সাঙোৰ খাইছিল ৷ এই সন্দৰ্ভত নিয়াই অভিযান চলাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা 6 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল ৷

ৰীশানক আটক কৰাৰ পিছতেই ৰাজ্যখনৰ ৰাজনীতিত প্ৰবল ধুমুহাৰ সৃষ্টি হৈছিল ৷ উদুপীৰ বিজেপি বিধায়ক ৰঘুপতি ভাটে (BJP MLA Raghupathy Bhat)কয় যে নিয়াই গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৰীশান উদুপী জিলাৰ ব্ৰহ্মবৰ খণ্ড কংগ্ৰেছৰ সাধাৰণ সম্পাদক তাজুদ্দিনৰ পুত্ৰ ৷ বিধায়ক ভাটে কয়, "তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি আছে ৷ আৰক্ষীৰ অনুসন্ধানত বিভিন্ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ মই চৰকাৰ আৰু নিয়াক এই ঘটনাত তদন্ত তীব্ৰ কৰিবলৈ দাবী জনাইছো ৷ বিশেষকৈ উপকূলীয় অঞ্চলত এনে বহুতো লোকে সন্ত্ৰাসবাদৰ লগত জড়িত কাৰ্যকলাপত লিপ্ত হোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি ৷ মই কংগ্ৰেছ দলক প্ৰশ্ন কৰিব বিচাৰো- তাজুদ্দিন দলৰ এজন সাধাৰণ কৰ্মী নহয় ৷ তেওঁ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৷ তেওঁ দলীয় কাৰ্যকলাপৰ শীৰ্ষত আছে ৷ তেওঁ বিৰোধী দলপতি সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰৰ অতি ঘনিষ্ঠ ৷ তেওঁ উল্লাল কংগ্ৰেছৰ বিধায়ক ইউ.টি. খাদাৰৰ অতি ঘনিষ্ঠ ৷ যেতিয়া দলটোৰ এজন কাৰ্যকতাৰ পুত্ৰ সন্ত্ৰাসবাদী গোচৰৰ সন্দৰ্ভত ধৰা পৰে তেতিয়া কংগ্ৰেছ দলে ইয়াৰ দায়িত্ব ল'ব লাগিব ৷"

ইয়াৰোপৰি উদুপীৰ বিধায়ক ৰঘুপতি ভাটে কয় যে তেওঁক সচিবৰ পদৰ পৰা বৰ্খাস্ত কৰা হ'ব নেকি ? ৰীশানৰ লগতে তেওঁৰ পৰিয়ালকো নিয়াই তদন্ত কৰা উচিত ৷ ৰীশানৰ মাতৃ এখন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ৷ ইতিমধ্যে তেওঁৰ বিৰুদ্ধেও শিক্ষামন্ত্ৰী নাগেশৰ (Education Minister Nagesh) ওচৰত এখন লিখিত গোচৰ দাখিল কৰা হৈছে ৷

লগতে পঢ়ক: Flight urination case: বিমানত সুৰামত্ত যাত্ৰীয়ে কিয় মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.