ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jan 3, 2023, 12:59 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Road accident at Narayanpur: ঘন কুঁৱলীৰ বাবে বাহন বাগৰি এজন নিহত, আহত এজন

ঘন কুঁৱলীৰ বাবে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Narayanpur)৷ এই দুৰ্ঘটনাত ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ (Body builder Sidhartha Borgohain died) লগতে পুলকেশ গগৈ নামৰ আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

Parliaments Budget Session : ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিবেশন, 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট

সংসদৰ ২০২৩ চনৰ বাজেট অধিবেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব (parliaments budget session 2023) । আনহাতে, ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সংসদত উত্থাপন কৰা হ'ব ১ ফেব্ৰুৱাৰীত ।

Safety tips for Digital transactions : বিপদত নপৰাকৈ কেনেকৈ উপভোগ কৰিব ডিজিটেল লেনদেনৰ সুবিধা ?

বৰ্তমান সময়ত চাইবাৰ অপৰাধৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে (Cyber crimes increase)। প্ৰৱঞ্চকে একাউণ্টৰ পৰা ধন উলিয়াই লৈ যোৱাৰ ঘটনা প্ৰতিদিনে সংঘটিত হৈছে । এনে পৰিস্থিতিত ডিজিটেল সেৱাৰ জৰিয়তে বিত্তীয় কাম কাজ কৰাৰ ক্ষেত্ৰত কি ধৰণে সজাগ হ'ব লাগে ? কোনবোৰ দিশত গুৰুত্ব দিলে আপোনাৰ ধন সুৰক্ষিত হৈ থাকিব ?

Abuse Teenage girl in Guwahati: হাতীগাঁৱত বনকৰা কিশোৰীৰ ওপৰত নিৰ্যাতন

হাতীগাঁৱত পোহৰলৈ আহিছে বনকৰা কিশোৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা (Abuse of teenage girl in Guwahati)। বনকৰা কিশোৰীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আটক হ’ল এগৰাকী বেংক কৰ্মচাৰীসহ এটা পৰিয়ালৰ সদস্য ৷

IndiGo flight technical glitch: কাৰিকৰী বিজুতিৰ বাবে ফুকেট অভিমুখী ইণ্ডিগ’ বিমান দিল্লীত অৱতৰণ

ইণ্ডিগ’ বিমানত কাৰিকৰী বিজুতি ৷ থাইলেণ্ডৰ ফুকেটলৈ উৰা মৰা 6E-1763 ইণ্ডিগ’ বিমানখন কাৰিকৰী বিজুতিৰ বাবে পুনৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Indira Gandhi International Airport) অৱতৰণ ৷

Naga aggression : অসমৰ বনভোজস্থলীত নগা দুৰ্বৃত্তই কাটিলে ১০০ জোপা গছ

অসমৰ ভূমি নগাৰ আগ্ৰাসন অব্যাহত আছে । এইবাৰ মৰিয়নিত থকা বনভোজস্থলীত ধ্বংসলীলা চলালে নগা দুৰ্বৃত্তই (Naga aggression on Assam land)। নিশা ১০০ৰো অধিক মূল্যৱান গছ কাটি তহিলং কৰিলে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই । অঞ্চলটোত তীব্ৰ উত্তেজনা ।

Statue of Zubeen Garg: ডিগবৈত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন কৰিলে শিল্পী জুবিন গাৰ্গে

ডিগবৈত উন্মোচন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি (Statue of Zubeen Garg unveiled in Digboi) ৷ সোমবাৰে নিজৰ প্ৰতিমূৰ্তি নিজ হাতেৰেই উন্মোচন কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ নাজিৰাটিং তামুলী পর্যটন উৎসৱৰ লগত সংগতি ৰাখি ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত নিৰ্মাণ কৰি উলিৱাইছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ৷

India Book of Records: হনুমানৰ ক্ষুদ্ৰতম মুখা প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সুদৰ্শন

৪ চে:মি×৩.২ চে:মি:মুখা প্ৰস্তুত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত হৈছে শিৱসাগৰৰ দিখৌমুখৰ সুদৰ্শন শইকীয়া (India Book of Records)। তেওঁ ২০১৮ চনৰ পৰা মুখাশিল্পৰ লগত জড়িত হৈ নৰসিংহ, পুতনা, মৎস্য, অজগৰ, অঘাসুৰ আদিৰ মুখা প্ৰস্তুত কৰিছে ।

Road accident at Titatbor: বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত

যোৰহাটৰ তিতাবৰত বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হয় (One death in Road accident)৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন তিনিজন লোক ৷

Electricity Department negligence : অসমৰ ভূমিত অৰুণাচল বিদ্যুৎ বিভাগৰ মৰণ ফান্দ

অসম-অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা । অৰুণাচল বিদ্যু বিভাগৰ কেইবাটাও বিদ্যুতৰ খুঁটা বিপদসংকুল অৱস্থাত আছে (Arunachal Electricity Department negligence)। খুঁটা কেইটা মেৰামতি বা নতুনকৈ স্থাপন নকৰাৰ ফলত মানুহ আৰু পবা বনাঞ্চলৰ জীৱ-জন্তুৰ প্ৰতি আহিছে ভাবুকি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.