ETV Bharat / state

Road accident at Narayanpur: ঘন কুঁৱলীৰ বাবে বাহন বাগৰি এজন নিহত, আহত এজন

author img

By

Published : Jan 3, 2023, 11:25 AM IST

ঘন কুঁৱলীৰ বাবে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Narayanpur)৷ এই দুৰ্ঘটনাত ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ (Body builder Sidhartha Borgohain died) লগতে পুলকেশ গগৈ নামৰ আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

Body builder Sidhartha Borgohain died in road accident
ঘন কুঁৱলীৰ বাবে বাহন বাগৰি এজন নিহত

  • ঘন কুঁৱলীৰ বাবে নাৰায়ণপুৰৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Narayanpur)
  • মঙলবাৰে পুৱতি নিশা ৪ বজাত ভোগপুৰ অভাৰব্ৰীজৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে এখন বাহন
  • প্ৰাপ্ত তথ্য অনুসৰি ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাহনখন
  • দুৰ্ঘটনাত ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন যুৱকৰ থিতাতে মৃত্যু ঘটে (Body builder Sidhartha Borgohain died )
  • ইফালে সহযাত্ৰী পুলকেশ গগৈ নামৰ আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়
  • সংকটজনক অৱস্থাত পুলকেশক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়
  • ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ সিদ্ধাৰ্থৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে
  • দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ AS 22 G 7525 বুলি জানিব পৰা গৈছে
  • উল্লেখ্য যে দুৰ্ঘটনাত নিহত সিদ্ধাৰ্থ আছিল এগৰাকী শৰীৰ চৰ্চাবিদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.