যোৰহাট সমষ্টিত চৰকাৰখনেই উবুৰি খাই পৰিছিল : ভূপেন বৰা - LOK SABHA ELECTION RESULTS 2024
Jorhat Lok Sabha constituency: লোকসভা নিৰ্বাচনত তিনিখন আসন কংগ্ৰেছে লাভ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ । কিয় পৰাস্ত লুৰীণজ্য়োতি ? কাৰণ ব্য়াখ্য়া ভূপেন বৰাৰ ।

Published : June 4, 2024 at 9:52 PM IST
গুৱাহাটী, ৪ জুন: ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ তিনিখন আসনত কংগ্ৰেছে জয়লাভ কৰাটো নিশ্চিত হোৱাৰ পিচতেই ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । দলীয় নেতা-কৰ্মীসকলে মিঠাই খাই আনন্দ প্ৰকাশ কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক ৰাজীৱ ভৱনলৈ গামোচা পিন্ধাই আদৰি আনিছে কংগ্ৰেছ নেতা-কৰ্মীসকলে ।
ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়,"জনসাধাৰণৰ মত যে ইণ্ডিয়া এলায়েঞ্চৰ সপক্ষে আছিল তাক ফলাফলত দেখিছো । এই নিৰ্বাচনত বিজেপিৰ জনপ্ৰিয়তা আৰু ৪০০ পাৰ শ্লোগানৰ ফোঁপোলা স্বৰূপ ওলাই পৰিল । ধৰ্মীয় মেৰুকৰণ, হিন্দুত্ববাদী, ৰাজনৈতিক ঘৃণা-বিদ্বেষৰ ৰাজনীতিক বিদায় দিয়া সিদ্ধান্ত দেশত শক্তিশালী ভাৱে বিয়পি পৰিব ।"
ইপিনে,ৰাজ্যত আসনৰ সংখ্য়া বৃদ্ধিৰ লগতে ভোট বাঢ়িব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে পুনৰ কয়," ২০১৯ৰ তুলনাত ভোটৰ সংখ্যা বাঢ়িছে । আমি আশা কৰা মতে ভোট বৃদ্ধি হৈছে । এই কৃতিত্ব আমি অকলে দাবী কৰিব নোৱাৰো ।" তেওঁ পুনৰ কয় যে অসমৰ ৰাইজ শুই থকা সিংহ । সিংহই সাৰ পাইছে ।
যোৰহাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজয় লাভ কৰা সন্দৰ্ভত কয়, " তপন গগৈ নামতহে বিজেপিৰ প্ৰাৰ্থী আছিল । আচল প্ৰাৰ্থী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে আছিল । যোৰহাট সমষ্টিত গোটেই চৰকাৰখনেই উবুৰি খাই পৰিছিল ।" আনহাতে, ডিব্ৰুগড় সমষ্টিত লুৰীণজ্য়োতি গগৈয়ে পৰাজয় কৰা সন্দৰ্ভত তেওঁ মন্তব্য় কৰি কয়," কৌশলগত ভুল হ'ল । বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা হৈছিল । কিন্তু শেষত এই সিদ্ধান্ত ল'ব পৰা নগ'ল । কিন্তু ডিব্ৰুগড় সমষ্টিত আপ আৰু এজেপিৰ ভোট মিলাই চালে ৰাইজ বিজেপিৰ বিৰুদ্ধে আছে ।"
ইপিনে,চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ সম্পৰ্কেও ভূপেন বৰাই মন্তব্য় কৰি কয়, চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ ইণ্ডিয়া নে এনডিএৰ ঠিৰাংকৈ ক'ব নোৱাৰি । আমি আশা এৰা নাই । ইণ্ডিয়াই ১০০ দিন পিচতো চৰকাৰ গঠন কৰিব পাৰে ।"
লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :
https://www.etvbharat.com/en/!elections/election-2024

