ETV Bharat / state

Naga aggression : অসমৰ বনভোজস্থলীত নগা দুৰ্বৃত্তই কাটিলে ১০০ জোপা গছ

author img

By

Published : Jan 3, 2023, 11:17 AM IST

Updated : Jan 3, 2023, 11:37 AM IST

অসমৰ ভূমি নগাৰ আগ্ৰাসন অব্যাহত আছে । এইবাৰ মৰিয়নিত থকা বনভোজস্থলীত ধ্বংসলীলা চলালে নগা দুৰ্বৃত্তই (Naga aggression on Assam land)। নিশা ১০০ৰো অধিক মূল্যৱান গছ কাটি তহিলং কৰিলে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই । অঞ্চলটোত তীব্ৰ উত্তেজনা ।

Naga aggression
অসমৰ বনভোজস্থলীত নগা দুৰ্বৃত্তই কাটিলে ১০০ জোপা গছ

অসমৰ বনভোজস্থলীত নগা দুৰ্বৃত্তই কাটিলে ১০০ জোপা গছ

মৰিয়নি,৩ ডিচেম্বৰ : অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি ভূমি বিবাদ অব্যাহত আছে (Land dispute between Assam and Nagaland)। প্ৰায় সীমান্তৰ ভূমিক লৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত সংঘাত হোৱা দেখা যায় । কিন্তু এই সংঘাতৰ স্থায়ী সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে ইতিমধ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত আগভাগ লৈছে । দুয়োখনৰ চৰকাৰৰ মন্ত্ৰী পৰ্যায়ত বৈঠক হোৱাৰ উপৰিও মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলে সীমান্ত অঞ্চল ভ্ৰমণ কৰিছে (Land dispute resolution between Assam and Nagaland)। কিন্তু এতিয়ালৈ এই সীমান্ত সমস্যা সমাধান হোৱা নাই ।

ইয়াৰ বিপৰীতে নগা দুৰ্বৃত্তই অসমৰ ভূমিত উপদ্ৰৱ অব্যাহত ৰাখিছে । এইবাৰ অসমৰ ভূমিত থকা বনভোজস্থলীত শেন চকু পৰিল নগাৰ । নগা দুৰ্বৃত্তই নিশা কাটি তহিলং কৰিলে অসমৰ বনভোজস্থলীত থকা এশৰো অধিক মূল্যৱান গছ (Naga miscreants cut down many trees at Mariani)।

জানিব পৰা মতে মৰিয়নিৰ নাগাজাংকাৰ দিছৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ দাঁতিত গাঁও পঞ্চায়ত আৰু স্থানীয় যুৱকসকলে সাজু কৰি উলিইয়াছিল এক বনভোজস্থলী । প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজতে একাংশ লোকে তাত বনভোজৰ বাবেও আহিছে । কিন্তু সোমবাৰে নিশা হঠাৎ নগা দুৰ্বৃত্তই অসমৰ ভূমিৰ উক্ত বনভোজস্থলীত প্ৰৱেশ কৰে ।

মাজনিশা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত নগা দুৰ্বৃত্তই ১০০ৰো অধিক মূল্যৱান বগৰী, মধুৰি আম আদিৰ গছ কাটি তহিলং কৰে (Naga miscreants destroy picnic spot in Mariani)। এই ঘটনাৰ পাছতে মৰিয়নিৰ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে বনভোজস্থলীৰ মূল্যৱান গছবোৰ পঞ্চায়তৰ অধীনৰ পুঁজি আৰু স্থানীয় যুৱকসকলৰ তৎপৰতাত ৰোপণ কৰা হৈছিল । ৬১ নং গাওঁ পঞ্চায়তৰ উন্নয়ন পুঁজিৰ অধীনত প্ৰায় ৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি তোলা হৈছিল উক্ত বনভোজস্থলী । অসমৰ ভূমিত থকা বনভোজস্থলীত এনেদৰে নগা দুৰ্বৃত্তই তাণ্ডৱ চলোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই সীমান্তবাসীয়ে । নগাৰ এনে কাৰ্যক লৈ স্থানীয় লোকৰ মাজত একপ্ৰকাৰ ক্ষোভৰ সৃষ্টি হৈছে ।

মঙলবাৰে পুৱাই উক্ত স্থানত স্থানীয়, পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় যুৱকসকল উপস্থিত হয় । সমগ্ৰ দৃশ্য দেখি আচৰিত অঞ্চলটোৰ যুৱকসকল । গছবোৰ কাটি পেলোৱাত দুখিত হৈছে যুৱকসকল । নগাৰ এনে কাৰ্যক সহ্য কৰা নহ'ব বুলিও হুংকাৰ দিছে স্থানীয় যুৱক তথা লোকসকলে ।

ইফালে আৰক্ষীয়েও সমগ্ৰ স্থান পৰিদৰ্শন কৰাৰ লগতে অনুসন্ধান আৰম্ভ কৰিছে । ৰাইজে অভিযোগ কৰা মতে সীমান্ত সমস্যা সমাধানৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টা সম্পূৰ্ণ বিফল হৈছে (Assam Nagaland border dispute)। অতি শীঘ্ৰে এই সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাইছে সীমান্তৱৰ্তী ৰাইজে ।

লগতে পঢ়ক :Electricity Department negligence : অসমৰ ভূমিত অৰুণাচল বিদ্যুৎ বিভাগৰ মৰণ ফান্দ

Last Updated : Jan 3, 2023, 11:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.