ETV Bharat / bharat

IndiGo flight technical glitch: কাৰিকৰী বিজুতিৰ বাবে ফুকেট অভিমুখী ইণ্ডিগ’ বিমান দিল্লীত অৱতৰণ

author img

By

Published : Jan 3, 2023, 11:13 AM IST

ইণ্ডিগ’ বিমানত কাৰিকৰী বিজুতি ৷ থাইলেণ্ডৰ ফুকেটলৈ উৰা মৰা 6E-1763 ইণ্ডিগ’ বিমানখন কাৰিকৰী বিজুতিৰ বাবে পুনৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Indira Gandhi International Airport) অৱতৰণ ৷

Phuket-bound IndiGo flight returns to Delhi due to technical glitch
ফুকেট অভিমুখী ইণ্ডিগ’ বিমান দিল্লীত অৱতৰণ

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: ইটোৰ পিছত আনটো বিতৰ্কই লগ এৰা নাই ইণ্ডিগ’ বিমান সেৱাক (IndiGo flight technical glitch) ৷ মঙলবাৰে কাৰিকৰী বিজুতিৰ বাবে থাইলেণ্ডৰ ফুকেটলৈ উৰা মৰাৰ পিছতে ইণ্ডিগ’ৰ এখন বিমান পুনৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ (Indira Gandhi International Airport) উভতি আহে (IndiGo flight returns to Delhi to technical glitch)৷

6E-1763 ইণ্ডিগ’ বিমানখন থাইলেণ্ডলৈ বুলি মঙলবাৰে পুৱা 6.41 বজাত উৰা মাৰিছিল ৷ কিন্তু বিমানখন উৰণৰ পিছতেই কাৰিকৰী বিজুতি থকাৰ খবৰ পোহৰলৈ অহাৰ পিচত পুনৰ বিমানখন দিল্লী বিমানবন্দৰত (Delhi airport) পুৱা প্ৰায় 7.31 বজাত উভতি অৱতৰণ কৰে ৷

বিমান বন্দৰৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, "বিমানখনত কাৰিকৰী ত্ৰুটি ধৰা পৰাৰ পিছত ইণ্ডিগ’ বিমানখনৰ পাইলটে সাৱধানতা অবলম্বন কৰি অৱতৰণৰ বাবে চেষ্টা কৰিছিল ৷ বিমানখনক প্ৰক্ৰিয়া অনুসৰি সম্পূৰ্ণ জৰুৰী অৱতৰণৰ ঘোষণা কৰিছিল ৷ বিমানখন প্ৰয়োজনীয় তত্বাৱধানৰ বাবে দিল্লীত অৱতৰণ কৰোৱা হয় ৷

অৱতৰণৰ পাছত বিমানখনত যাত্ৰা কৰা সকলো যাত্ৰীকে টাৰ্মিনেল ভৱনলৈ স্থানান্তৰ কৰা হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত যাত্ৰীসকলক গন্তব্য স্থানলৈ পঠিয়াবৰ বাবে এখন বিকল্প বিমানৰ ব্যৱস্থা কৰি হয় আৰু যাত্ৰীসকলৰ অসুবিধাৰ বাবে আমি দুঃখিত বুলি ইণ্ডিগ’ই এক বিবৃতিত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Bomb found behind CM helipad: মুখ্যমন্ত্ৰীৰ হেলিপেডত উদ্ধাৰ বোমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.