ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jan 2, 2023, 1:05 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Road Accident in Morigaon: নৱবৰ্ষৰ প্ৰথমটো দিনতে মৰিগাঁৱত বহুকেইটা পথ দুৰ্ঘটনা, নিহত এজন

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই অৰ্থাৎ দেওবাৰে মৰিগাঁৱৰ কেইবাটাও স্থানত সংঘটিত হয় পথ দুৰ্ঘটনা (Several road accidents in Morigaon) ৷ মৰিগাঁৱৰ জৰাবাৰী, বাংঠাইগাঁও আৰু মায়ঙৰ মূকাটাত সংঘটিত হয় এই পথ দুৰ্ঘটনাসমূহ ৷ দুৰ্ঘটনাত ৬ গৰাকী ব্যক্তি আহত হোৱাৰ বিপৰীতে নিহত হয় এজন লোক ৷ সম্প্ৰতি আহতসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে GMCH লৈ ।

Grenade hurled at CRPF vehicle: চিআৰপিএফৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গ্ৰেণেড নিক্ষেপ

জম্মু কাশ্মীৰত অশান্ত জৰ্জৰিত পৰিৱেশ ৷ দেওবাৰে নিশা শ্ৰীনগৰৰ এম কে চকত দুৰ্বৃত্তই চিআৰপিএফৰ বাহনলৈ গ্ৰেণেড নিক্ষেপ কৰে (Grenade hurled at CRPF vehicle) ৷ গ্ৰেণেডটো লক্ষ্যচ্যুত হোৱাত কথমপি ৰক্ষা পৰে চিআৰপিএফৰ বাহনখন ৷

Smuggled timber seized: চিৰাঙত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ

দেওবাৰে সন্ধিয়া চিৰাঙৰ ৰুনিখাতা বন বিভাগে চোৰাংভাৱে কাঠ কঢ়িয়াই নিয়া ১৪ চকীয়া এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Smuggled timber seized)৷ জিলাখনৰ টুক্ৰাঝাৰৰ পৰা পাট্টালেণ্ডৰ কাঠ বুলি কৈ চোৰাংভাৱে বহিঃৰাজ্যলৈ কঢ়িয়াই নিয়াৰ পথতে বন বিভাগৰ তালাচীত জব্দ হয় কাঠখিনি ৷

Mexico Prison attack: মেক্সিকোৰ কাৰাগাৰত বন্দুকধাৰীৰ আক্ৰমণত নিৰাপত্তাৰক্ষীসহ নিহত ১৪ জন

মেক্সিকোৰ এখন কাৰাগাৰত বন্দুকধাৰীয়ে চলালে আক্ৰমণ । উত্তৰ মেক্সিকোৰ ছিউদাদ জুয়াৰেজ চহৰৰ এখন কাৰাগাৰত চলোৱা এই আক্ৰমণত কাৰাগাৰৰক্ষী আৰু নিৰাপত্তাৰক্ষীসহ ১৪ জনৰ মৃত্য়ু ।

Taj mahal ticket online: তাজমহল পৰিদৰ্শনৰ টিকট সংগ্ৰহৰ বাবে QR ক’ডৰ ব্যৱস্থা সংযোজন

টিকট ক্ৰয়ৰ ক্ষেত্ৰত তাজমহলত QR ক’ডৰ ব্যৱস্থাৰ সংযোজন ৷ ইয়াৰ ফলত পৰ্যটকে টিকটগৃহৰ খিৰিকীৰ সমুখত টিকটৰ বাবে দীঘলীয়া শাৰী পাতিব নালাগে (Taj Mahal ticket available through QR code)৷ মধ্যভোগীৰ কৱলত নপৰিবলৈ পৰ্যটকলৈ আহ্বান জনাইছে আগ্ৰা উন্নয়ন প্ৰাধিকৰণে ৷

Rajnath Singh Arunachal Visit : ৩ জানুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ

মঙলবাৰে অৰুণাচল প্ৰদেশলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Rajnath Singh to Arunachal visit) । পূব অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী । তাত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব ।

Huge quantity of arms seized: জম্মু কাশ্মীৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ নিচাজাতীয় সামগ্ৰী জব্দ

জম্মু কাশ্মীৰত ইটোৰ পিছত সিটোকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈ থকাৰ মাজতে কুপৱাৰা জিলাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Recovered huge quantity of arms )৷

12 Coaches of Suryanagari Express Derailed: লাইনচ্যুত হৈ বাগৰি পৰিল 12 টাকৈ ডবা

ৰাজস্থানৰ পালি ষ্টেচনত ভয়ংকৰ ঘটনা (Suryanagari derailed in Rajasthan)৷ সোমবাৰে পুৱাই পালি ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে বান্দ্ৰাৰ পৰা যোধপুৰলৈ অহা সূৰ্যনগৰী এক্সপ্ৰেছখন লাইনচ্যুত হয় (Bandra Jodhpur Express derailed)৷

Road Accident in Kalgachia: জীৱন মৰণৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি ল’লে জাহিদুলে

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত যোৱা 23 ডিচেম্বৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল জাহিদুল নামৰ এজন যুৱক (Road Accident at Kalgachia) ৷ দুৰ্ভাগ্যবশতঃ ন দিনে জীৱন মৰণৰ সৈতে যুঁজি শনিবাৰে মৃত্যুক আঁকোৱালি ল’লে জাহিদুলে ৷

Army chief visiting troops: নৱবৰ্ষ উপলক্ষে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাৰে সেনা প্ৰধানৰ বাৰ্তালাপ

সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে (Army Chief General Manoj Pande) দেওবাৰে জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত (LoC in Jammu and Kashmir) নিযুক্ত সৈন্যসকলক পৰিদৰ্শন কৰি নতুন বছৰটো শুভাৰম্ভনি কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.