ETV Bharat / bharat

Huge quantity of arms seized: জম্মু কাশ্মীৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ নিচাজাতীয় সামগ্ৰী জব্দ

author img

By

Published : Jan 2, 2023, 11:08 AM IST

জম্মু কাশ্মীৰত ইটোৰ পিছত সিটোকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈ থকাৰ মাজতে কুপৱাৰা জিলাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Recovered huge quantity of arms )৷

Huge cache of arms, ammunition and narcotics seized, one arrested
গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী জব্দ

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: সন্ত্ৰাসবাদেৰে জৰ্জৰিত জম্মু কাশ্মীৰ ৷ দেওবাৰে কুপৱাৰা আৰক্ষীয়ে জিলাখনৰ কাৰ্নাহ অঞ্চলৰ পৰা এটা সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় (Recovered huge quantity of arms )৷

কুপৱাৰা জিলা আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষী থানা কাৰ্ণাৰ চাটকাদি অঞ্চলত দুই ব্যক্তিয়ে অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী চোৰাংকৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰে ৷ এই তথ্যৰ ভিত্তিতে এছএইছঅ' কাৰ্ণাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সেনা জম্মু আৰু কাশ্মীৰৰ আৰআইএফৰ এটা দলৰ সৈতে এক যুটীয়া তালাচী অভিযান চলাই ৷

এই অভিযানৰ সময়ত আৰক্ষীয়ে উমৰ আজিজ নামৰ এটা সৰবৰাহকাৰীক আটক কৰে (Kupwara Police arrested smuggler)৷ আৰক্ষীৰ সোধ পোছৰ পিচত উমৰে সহযোগীৰ লগত অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ কথা স্বীকাৰ কৰে ৷

উমৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গাৰাংনাৰ্ড চাটকাদিৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰীসমূহৰ লগতে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা সামগ্ৰীবোৰৰ ভিতৰত 5 টা পিষ্টল, 10 টা পিষ্টলৰ মেগজিন, 77 জাই পিষ্টলৰ গুলী, এডাল পিষ্টল পৰিস্কাৰ কৰা ৰ’ড, 4 টা হেণ্ড গ্ৰেনেড আৰু 9,450 কিলোগ্ৰাম ওজনৰ 10 পেকেট হেৰ’ইনৰ দৰে নিচাজাতীয় পদাৰ্থ উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত 01/2023 ইউ/25 আইএ আইন, 5 বিস্ফোৰক পদাৰ্থ আইন 8/21-29 এনডিপিএছ আইন 13,18, 20, 23 আৰু 38 ইউএ(পি)আইনৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰি আৰু তদন্ত আৰম্ভ কৰা হৈছে ৷ তথ্য অনুসৰি এই বিস্ফোৰক সামগ্ৰীসমূহ লস্কৰ-ই-তৈবাৰ (Lashkar e Toiba) টিআৰএফ শাখাক যোগান ধৰাৰ বাবে অনা হৈছিল ৷

আনহাতে দেওবাৰে সন্ধিয়া ৰজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত 4 গৰাকী সাধাৰণ লোক নিহত হোৱাৰ উপৰিও কেইবাগৰাকী লোক লোক আহত হয় ৷ উগ্ৰপন্থীৰ আক্ৰমণৰ এই ঘটনাৰ লগে লগে গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

আক্ৰমণৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীৰ দল গাঁওখনত উপস্থিত হৈ উগ্ৰপন্থীৰ দলটোৰ সন্ধানত গাঁওখনকে ধৰি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে ৷ ৰজৌৰীৰ এছ'চিয়েটেড হাস্পতালৰ অধীক্ষক ডাঃ মেহমুদে (Medical Superintendent Dr Mehmood) এই সন্দৰ্ভত কয়, "ৰজৌৰীৰ ডাংগ্ৰী অঞ্চলত সংঘটিত গুলীচালনাৰ ঘটনাত 4 গৰাকী স্থানীয় লোক নিহত (4 civilians killed) আৰু 10 গৰাকী আহত হৈছে (many injured in suspected terror attack)৷ আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে । আহতসকলৰ শৰীৰত একাধিক গুলীৰ আঘাত পোৱা গৈছে ৷"

লগতে পঢ়ক: Terror attack in JK: জম্মু কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত তিনিগৰাকী নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.