ETV Bharat / bharat

Army chief visiting troops: নৱবৰ্ষ উপলক্ষে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাৰে সেনা প্ৰধানৰ বাৰ্তালাপ

author img

By

Published : Jan 2, 2023, 8:21 AM IST

সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে (Army Chief General Manoj Pande) দেওবাৰে জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত (LoC in Jammu and Kashmir) নিযুক্ত সৈন্যসকলক পৰিদৰ্শন কৰি নতুন বছৰটো শুভাৰম্ভনি কৰে ৷

Army chief begins New Year by visiting troops at LoC in J&K
জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিযুক্ত সৈন্যসকলক পৰিদৰ্শন সেনা প্ৰধানৰ

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: পুৰণি বছৰটোক বিদায় দি এতিয়া সকলো ব্যস্ত নতুন বছৰটোক আদৰাৰ বাবে ৷ ইয়াৰ মাজতে দেশৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে (Army chief visiting troops)দেওবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা পৰিদৰ্শন কৰাৰ লগতে সীমান্তত নিয়োজিত সেনা জোৱানসকলক সাক্ষাৎ কৰি সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে (Army chief begins New Year by visiting troops)৷

সেনাৰ এজন মুখপাত্ৰই টুইটযোগে উল্লেখ কৰে যে, "২০২৩ চনৰ নৱবৰ্ষ উপলক্ষে জেনেৰেল মনোজ পাণ্ডেয়ে (Army Chief General Manoj Pande) কুপৱাৰা চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বিভিন্ন স্থানত নিয়োজিত হৈ থকা সেনা জোৱানসকলক সাক্ষাৎ কৰি তেওঁলোকৰ লগত মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ৷ সেনাপ্ৰধানগৰাকীয়ে ভাৰতীয় সৈনাৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ লগতে জোৱানসকলৰ সৈতে বাৰ্তালাপত অংশ লৈ কৰি জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে (Manoj Pande visits border to meet jawans) ৷ ইয়াৰোপৰি তেখেতে সেনা জোৱানসকলৰ সমস্যা সন্দৰ্ভতো আলোচনা কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ লগতে তেওঁলোকক নিজ কৰ্তব্য পালন কৰিবলৈ উৎসাহিত কৰে ৷"

ইয়াৰ সমান্তৰালকে এয়াৰ মাৰ্শ্বেল পংকজ মোহন সিনহাই (Air Marshal Pankaj Mohan Sinha) ইংৰাজী নৱবৰ্ষ 2023ৰ 1 জানুৱাৰীত ভাৰতীয় বায়ু সেনাৰ ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ দায়িত্ব গ্ৰহণ কৰে ৷ এয়াৰ মাৰ্শ্বেল পংকজ মোহন সিনহা পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ স্নাতক, আৰু ১৯৮৫ চনৰ জুন মাহত যুঁজাৰু পাইলট হিচাপে ভাৰতীয় বায়ু সেনাত নিযুক্ত হৈছিল ৷ সিনহা ৱেলিংটনৰ সন্মানীয় প্ৰতিৰক্ষা সেৱা কৰ্মচাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৷

তেওঁ এজন অভিজ্ঞ যুঁজাৰু পাইলট আৰু 'এ' শ্ৰেণীৰ স্বীকৃত ফ্লাইং ইনষ্ট্ৰাক্টৰ, ফাইটাৰ ষ্ট্ৰাইকাৰ লিডাৰ, ইনষ্ট্ৰুমেণ্ট ৰেটিং প্ৰশিক্ষক আৰু পৰীক্ষক হিচাপে বিভিন্ন পদত অধিষ্ঠিত হৈ আহিছে ৷ এয়াৰ মাৰ্শ্বেল সিনহাৰ 4,500 ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা আছে ৷

সিনহাই তেওঁৰ ৩৭ বছৰতকৈও অধিক সময় ভাৰতীয় বায়ু সেনাত সেৱা আগবঢ়াই অহাৰ সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কামাণ্ড আৰু কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিল ৷ ইয়াৰ ভিতৰত আছে ফাইটাৰ স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰ আৰু ফ্লাইং ষ্টেচনত চিফ ফ্লাইং ইনষ্ট্ৰাক্টৰ (ফ্লাইং)ৰ দৰে নিযুক্তি পদত নিযুক্তি লাভ কৰিছিল ৷ ইয়াৰ উপৰিও, তেওঁ ইউকেৰ ৰয়েল এয়াৰ ফৰ্চ ভেলীত প্ৰশিক্ষণ সমন্বয় বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল য'ত তেওঁ হক বিমান উৰুৱাইছিল ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উল্লেখ কৰা অনুসৰি, এয়াৰ মাৰ্শ্বেল পংকজ মোহন সিনহাক 'বিশিষ্ট সেৱা পদক' (Vishisht Seva Medal )আৰু 'আতি বিশিষ্ট সেৱা পদক' (Ati Vishisht Seva Medal)প্ৰদান কৰা হৈছে ৷ পংকজ মোহন সিনহাক এয়াৰ মাৰ্শ্বেল এছ প্ৰভাকৰণৰ উত্তৰাধিকাৰী ( Air Marshal S Prabhakaran) বুলি অভিহিত কৰা হয় ৷ সিনহাই বায়ু সেনাত 39 বছৰতকৈও অধিক সময় বিশেষ সেৱা আগবঢ়োৱাৰ অন্তত শেহতীয়াকৈ 31 ডিচেম্বৰ, 2022 তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: Muslim man donates blood at Chhatarpur: মুছলমান লোকে জীৱন ৰক্ষা কৰিলে হিন্দু শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.