Road Accident in Kalgachia: জীৱন মৰণৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি ল’লে জাহিদুলে

By

Published : Jan 2, 2023, 7:04 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত যোৱা 23 ডিচেম্বৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল জাহিদুল নামৰ এজন যুৱক (Road Accident at Kalgachia) ৷ জানিব পৰা মতে উদমাৰীস্থিত মছজিদত নামাজ আদায় কৰি নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাইকে মহতিয়াই নিছিল যুৱকজনক ৷ পিছত যুৱকজনক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । তাৰ পিছত যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত GMCH লৈ প্ৰেৰণ কৰিছিল বৰপেটাৰ চিকিৎসকে (Kalgachia Boy Died in GMCH)। কিন্তু দুৰ্ভাগ্যবশতঃ ন দিনে জীৱন মৰণৰ সৈতে যুঁজি শনিবাৰে মৃত্যুক আঁকোৱালি ল’লে জাহিদুলে (Youth dies injured in road accident) । তাৰ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি 1 জানুৱাৰী অৰ্থাৎ দেওবাৰে নিশা উদমাৰীস্থিত নিজ বাসগৃহলৈ অনা হয় জাহিদুলৰ মৃতদেহ । জাহিদুলৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.