ETV Bharat / bharat

কেইবাঘণ্টাজোৰা উৎকন্ঠাৰ অৱসান ঘটাই সশৰীৰে উভতিল 13, সহস্ত্ৰতালত সামৰণি পৰিল উদ্ধাৰ অভিযান - Sahastratal trek rescue operation

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 2:23 PM IST

Sahastratal Trek Accident : উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ সহস্ত্ৰতাল ট্ৰেকত প্ৰতিকূল বতৰৰ বাবে 9 জন লোকে প্ৰাণ হেৰুৱাব লগা খবৰ প্ৰচাৰ হোৱাৰ পিচতে আৰোহনকাৰীসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছিল ৷ ইতিমধ্যে এই উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে । উদ্ধাৰকাৰী দলে আজি 4 জন আৰোহণকাৰীৰ মৃতদেহ উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে ভাটৱাড়ীলৈ লৈ আহিছে ।

Sahastratal Trek Accident
কেইবাঘণ্টাজোৰা উৎকন্ঠাৰ অৱসান ঘটাই সশৰীৰে উভতিল 13, সহস্ত্ৰতালত সামৰণি পৰিল উদ্ধাৰ অভিযান (etv bharat uttarakhand)

নেশ্যনেল ডেস্ক, 6 জুন : বৃহস্পতিবাৰে তৃতীয় দিনা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ সহস্ত্ৰতাল ট্ৰেকিং পথত আৱদ্ধ আৰোহণকাৰীসকলক উদ্ধাৰৰ বাবে অভিযানৰ সমাপ্তি হয় । বৃহস্পতিবাৰে, এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে চাৰিজন আৰোহণকাৰীৰ মৃতদেহ উদ্ধাৰ কৰি ভাটৱাড়ীত উপস্থিত হয় । এছ ডি আৰ এফে উদ্ধাৰ কৰা চাৰিজন আৰোহণকাৰীয়ে কৰ্ণাটকৰ বেংগালুৰুৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

সহস্ত্ৰতাল ট্ৰেকিং পথত উদ্ধাৰ অভিযান সমাপ্ত : আজি উত্তৰকাশীৰ সহস্ত্ৰতাল ট্ৰেকিং পথত মৃত্যু হোৱা 9 জন আৰোহণকাৰীৰ মৃতদেহ এছ ডি আৰ এফ আৰু বায়ু সেনাৰ দ্বৈত অভিযানত উদ্ধাৰ কৰি উত্তৰকাশীত উপস্থিত হয়হি । বুধবাৰে, বায়ু সেনাই চলোৱা অভিযানত 5 টা মৃতদেহ উদ্ধাৰ কৰাৰ পিচতে বিয়লিলৈ ধাৰাসাৰ বৰষুণ আৰু কুঁৱলীৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে অভিযান ব্যাহত ৰখা হৈছিল ।

তাৰ পিচতে আজি বতৰ কিছু ফৰকাল হোৱাত উদ্ধাৰকাৰী দলটোৱে পুনৰ অভিযান আৰম্ভ কৰে । তাৰ পিচতে আন চাৰিটা মৃতদেহ কেইঘণ্টামানৰ ভিতৰতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

9 জন লোকৰ মৃত্যু, 13 জন লোকক উদ্ধাৰ :

এছ ডি আৰ এফে ইতিমধ্যে এই অভিযান সমাপ্ত হৈছে বুলি জানিবলৈ দিছে । যোৱা 4 জুনত এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে ৷ সেই দিনৰে পৰাই উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল । 5 জুনৰ পুৱাৰ পৰা এছ ডি আৰ এফে বিমান সেৱাৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল । 5 জুনত উদ্ধাৰকাৰী দলে 5 টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে 11 জন আৰোহণকাৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে ।

এছ ডি আৰ এফ কমাণ্ডেণ্টে কয় যে, অতি কঠিন পৰিস্থিতিত এই উদ্ধাৰ অভিযান সম্পন্ন কৰা হৈছিল । তেওঁলোকে তথ্য পোৱাৰ লগে লগে, উদ্ধাৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল ।

সহস্ত্ৰতাল ট্ৰেকত মৃতসকলৰ নাম :

- আশা সুধাকৰ (71), বেংগালুৰু

- সিন্ধু (45), বেংগালুৰু

- সুজাতা (51), বেংগালুৰু

- বিনায়ক (54), বেংগালুৰু

- চিত্ৰা পৰিণীত (48), বেংগালুৰু

- ভেংকটেশ, বেংগালুৰু

- পদনাধ কুণ্ডাপুৰ কৃষ্ণমূৰ্তি, বেংগালুৰু

- অনিতা ৰংপাপ্পা, বেংগালুৰু

- পদ্মিনী হেগড়ে, বেংগালুৰু

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ শোক প্ৰকাশ :

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই অঘটনৰ সন্দৰ্ভত শোক প্ৰকাশ কৰিছে । তেওঁ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল, "সহস্ত্ৰতাল ট্ৰেকিং পথত প্ৰতিকূল বতৰৰ বাবে হোৱা অঘটনত 9 জন আৰোহণকাৰীৰ মৃত্যুৰ খবৰ অতি দুখজনক। প্ৰশাসনে উদ্ধাৰ অভিযান চলাই 13 জন আৰোহণকাৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে ।

আৱদ্ধ আৰোহণকাৰীসকলক উদ্ধাৰ কৰিবলৈ এছ ডি আৰ এফ, জিলা প্ৰশাসন আৰু বায়ু সেনাৰ সহায়ত অভিযান চলি আছে । মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে মৃতসকলৰ বিদেহী আত্মাই শান্তি পাওক লগতে শোকসন্তপ্ত পৰিয়ালসমূহক শক্তি দিয়ক আৰু আৱদ্ধ আৰোহণকাৰীসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰক ।"

লগতে পঢ়ক: এটা হোৱাটছএপ মেছেজ; যুদ্ধংদেহী ৰূপত সহস্ত্ৰতালত উদ্ধাৰ অভিযান - Sahastra Tal Trek Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.