Taj mahal ticket online: তাজমহল পৰিদৰ্শনৰ টিকট সংগ্ৰহৰ বাবে QR ক’ডৰ ব্যৱস্থা সংযোজন

author img

By

Published : Jan 2, 2023, 12:26 PM IST

Taj Mahal ticket through QR code

টিকট ক্ৰয়ৰ ক্ষেত্ৰত তাজমহলত QR ক’ডৰ ব্যৱস্থাৰ সংযোজন ৷ ইয়াৰ ফলত পৰ্যটকে টিকটগৃহৰ খিৰিকীৰ সমুখত টিকটৰ বাবে দীঘলীয়া শাৰী পাতিব নালাগে (Taj Mahal ticket available through QR code)৷ মধ্যভোগীৰ কৱলত নপৰিবলৈ পৰ্যটকলৈ আহ্বান জনাইছে আগ্ৰা উন্নয়ন প্ৰাধিকৰণে (Agra Development Authority) ৷

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: এতিয়াৰে পৰা বিশ্বৰ এক ঐতিহ্যবাহী স্থান তাজমহল পৰিদৰ্শন কৰিবলৈ টিকটৰ বাবে আপুনি পাতিব নালাগে দীঘলীয়া শাৰী ৷ আগ্ৰা উন্নয়ন প্ৰাধিকৰণে নতুন বছৰত পৰ্যটকসকললৈ আগবঢ়াইছে এই বিশেষ উপহাৰ (Agra Development Authority)। আগ্ৰা উন্নয়ন প্ৰাধিকৰণে গল্ফকাৰ্টত QR ক’ডৰ সুবিধা প্ৰদান কৰিছে (Taj Mahal ticket available through QR code)। যাৰ সহায়ত এতিয়াৰে পৰা পৰ্যটকে গলফ কাৰ্টত থকা QR ক’ড স্কেনৰ জড়িয়তে টিকটৰ মূল্য দি তাজমহলৰ ভিতৰত প্ৰৱেশৰ বাবে অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব । QR ক’ডৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত এতিয়াৰে পৰা পৰ্যটকসকলে তাজমহলৰ পূৱ আৰু পশ্চিম গেটত থকা টিকটগৃহৰ খিৰিকীত শাৰী পাতিব নালাগে ।

QR ক’ডৰ ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত ইণ্টাৰনেট সম্বন্ধীয় সমস্যাবোৰৰ পৰাও পৰ্যটকসকলে মুক্তি পাব । ইয়াৰ লগতে তাজমহলৰ আশে-পাশে থকা কেলেংকাৰী আৰু মধ্যভোগীৰ পৰা পৰা সজাগ হ’বলৈ পৰ্যটকসকলক আহ্বান জনোৱা হৈছে । উল্লেখ্য যে, তাজমহলত ভিআইপিৰ বাবে কোনো বিশেষ পথৰ ব্যৱস্থা নাই । গতিকে, ভিআইপিৰ বাবে প্ৰৱেশৰ সুবিধা পাবৰ বাবে অসৎ অথবা মধ্যভোগীক অতিৰিক্ত ধন দিয়াৰো কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ।

Taj Mahal ticket through QR code
তাজমহলত QR ক’ডৰ ব্যৱস্থাৰ প্ৰৱৰ্তন

পৃথিৱীৰ সপ্তম আশ্চৰ্যৰ ভিতৰত অন্যতম এটাৰ ভিতৰত থকা তাজমহল চাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটক উক্ত পৰ্যটনস্থললৈ আহে । পূৰ্বৰে পৰাই তাজমহলত অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিৰে প্ৰৱেশ টিকট ক্ৰয় কৰিব পৰা ব্যৱস্থা আছিল । মন কৰিব লগীয়া যে, বিগত শনি আৰু দেওবাৰে অৰ্থাৎ 2022 বৰ্ষৰ শেষৰ ফালে কেৱল মাত্ৰ দুদিনত ৮০ হাজাৰ পৰ্যটকে তাজমহল ভ্ৰমণ কৰিছিল । বন্ধ তথা উল্লেখনীয় দিনবোৰত তাজমহলত পৰ্যটকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় । এনে সময়ত পৰ্যটকৰ ভিৰ বঢ়াৰ লগে লগে টিকট যোগান ধৰা ব্যৱস্থাটো যথেষ্ট ব্যস্ত হৈ পৰাৰ লগতে টিকট যোগানৰ সমগ্ৰ ব্যৱস্থাটোত যান্ত্ৰিক বিজুতি হোৱাও পৰিলক্ষিত হৈ আহিছিল ।

পৰ্যটকৰ ভিৰৰ ফলত টিকট যোগানৰ বাবে ব্যৱহৃত চাৰ্ভাৰটো কোনো কোনো সময়ত লেহেমীয়া হোৱাৰ বাবে ইণ্টাৰনেট সংযোগেও পৰ্যটকসকলক অনলাইন টিকট ক্ৰয়ত অসুবিধাৰ সৃষ্টি কৰি আহিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী নৱবৰ্ষ উদযাপনৰ শুভক্ষণত পৰ্যটকসকলক এটি উপহাৰ প্ৰদানৰ কথা জানিবলৈ দিয়ে আগ্ৰা উন্নয়ন প্ৰাধিকৰণৰ উপ সভাপতি চশৰ গৌৰে । এতিয়া তাজমহল ভ্ৰমণ কৰিবলৈ পৰ্যটকে গলফ কাৰ্টত থকা QR ক’ড স্কেন কৰিয়েই তাজমহললৈ প্ৰৱেশৰ বাবে টিকট সংগ্ৰহ কৰিব পাৰিব । ইয়াৰ লগে লগে পৰ্যটকসকলে টিকটৰ বাবে টিকট গৃহৰ খিৰিকীৰ সমুখত শাৰী পাতি বহুদেৰিলৈ পৰ দিব নালাগে । শিল্পগ্ৰামত ইণ্টাৰনেট সংযোগ উন্নত । সেয়ে পৰ্যটকসকলে অনলাইনত টিকট সংগ্ৰহত অসুবিধাৰ সন্মুখীন নহ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

আগ্ৰা উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ চৰিষ্ট গৌডে কয় যে, গ’ল্ফ কাৰ্টত কিউআৰ ক’ডৰ সুবিধা প্ৰৱৰ্তনৰ ফলত পৰ্যটকসকলে টিকটৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাথাকিব । এই অনলাইন টিকট ইতিমধ্যে www. asi.nic.in ৰ জৰিয়তে পৰিচালিত হৈ আহিছে । লগতে যদি কোনো পৰ্যটকৰ কিবা অভিযোগ বা পৰামৰ্শ আছে তেন্তে পৰ্যটকে ৯৪১২৩৩০০৫৫ নম্বৰত যোগাযোগ কৰিব পাৰে বুলি সংশ্লিষ্ট পক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Teok bee farm: মৌ পালনেৰে বছৰি প্ৰায় ৮ লাখ টকা উপাৰ্জন টীয়কৰ প্ৰদীপ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.