12 Coaches of Suryanagari Express Derailed: লাইনচ্যুত হৈ বাগৰি পৰিল 12 টাকৈ ডবা

By

Published : Jan 2, 2023, 9:15 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজস্থানৰ পালি ষ্টেচনত ভয়ংকৰ ঘটনা (Suryanagari derailed in Rajasthan)৷ সোমবাৰে পুৱাই পালি ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে বান্দ্ৰাৰ পৰা যোধপুৰলৈ অহা সূৰ্যনগৰী এক্সপ্ৰেছখন লাইনচ্যুত হয় (Bandra Jodhpur Express derailed)৷ জানিব পৰামতে আজি পুৱা 03.27 বজাত যোধপুৰ বিভাগৰ ৰাজকীয়াৱাস-বোমাদাৰা শাখাৰ মাজত 12480 নম্বৰৰ বান্দ্ৰা টাৰ্মিনাস যোধপুৰ সূৰ্যনগৰী এক্সপ্ৰেছৰ 12 টা ডবা লাইনচ্যুত হয়(12 Coaches of Suryanagari Express Derailed)৷ এই ভয়ংকৰ দুৰ্ঘটনাটোত 20 জনৰো অধিক যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিচতে ৰে’ল আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়গৈ ৷ অৱশ্যে এই দুৰ্ঘটনাটোত কোনো লোকৰ প্ৰাণহানি হোৱা নাই ৷ ঘটনা সন্দৰ্ভত ৰে’লৱে বিভাগে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে ৷ যোধপুৰ হেল্পলাইন নম্বৰকেইটা হ’ল 02912654979, 02912654993, 02912624125, 02912431646। পালি - 02932250324। এই নম্বৰৰ উপৰিও 138 আৰু 1072 নম্বৰতো তথ্য লাভ কৰিব পাৰিব ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.