ETV Bharat / state

Road Accident in Morigaon: নৱবৰ্ষৰ প্ৰথমটো দিনতে মৰিগাঁৱত বহুকেইটা পথ দুৰ্ঘটনা, নিহত এজন

author img

By

Published : Jan 2, 2023, 9:11 AM IST

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই অৰ্থাৎ দেওবাৰে মৰিগাঁৱৰ কেইবাটাও স্থানত সংঘটিত হয় পথ দুৰ্ঘটনা (Several road accidents in Morigaon) ৷ মৰিগাঁৱৰ জৰাবাৰী, বাংঠাইগাঁও আৰু মায়ঙৰ মূকাটাত সংঘটিত হয় এই পথ দুৰ্ঘটনাসমূহ ৷ দুৰ্ঘটনাত ৬ গৰাকী ব্যক্তি আহত হোৱাৰ বিপৰীতে নিহত হয় এজন লোক ৷ সম্প্ৰতি আহতসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে GMCH লৈ ।

Several road accidents in Morigaon in the occasion of new year
দেওবাৰে মৰিগাঁৱৰ কেইবাটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা

দেওবাৰে মৰিগাঁৱৰ কেইবাটাও স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা

মৰিগাঁও, 2 জানুৱাৰী: ৰাজ্যৰ চৌদিশে এতিয়া নৱবৰ্ষৰ উচাহ উদ্দীপনা ৷ 2022 বৰ্ষক বিদায় দি নতুন বছৰ অৰ্থাৎ 2023 বৰ্ষক আদৰি আনন্দত আত্মহাৰা হৈ আছে ৰাজ্যবাসী ৷ কোনোৱে যদি বনভোজথলীত বনভোজ খাবলৈ গৈছে, আন কোনোৱে আকৌ ঘৰতে লগে ভাগে এসাজ খাই নৱবৰ্ষক আদৰাৰ আনন্দত আত্মহাৰা হৈছে ৷ মুঠৰ ওপৰত ৰাজ্যৰ সৰ্বত্ৰে বিৰাজ কৰিছে উচাহৰ ঢল ৷ কিন্তু এই নৱবৰ্ষ যেন কাল হৈ আহিল বহুলোকৰ বাবে ৷ কিয়নো পহিলা জানুৱাৰীৰ দিনটোতে ৰাজ্যৰ বহু ঠাইত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Several road accidents in Morigaon) ৷

নৱবৰ্ষৰ পহিলা দিনটোতে জাগীৰোডৰ বাঘজাপত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Morigaon)। স্কুটি আৰু চাৰিচকীয়া বাহনৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় স্কুটিত থকা তিনিগৰাকী আৰোহী । ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ তিনিগৰাকী আৰোহীক ততাতৈয়াকৈ জাগীৰোড ভকতগাঁও ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু তিনিওৰে অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে মৃত্যুঞ্জয়ৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Gauhati Medical College and Hospital)।

ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, দেওবাৰে AS21K5147 নম্বৰৰ এখন স্কুটিৰে তিনিগৰাকী বাইক আৰোহী জাগীৰোড অভিমুখে গৈ আছিল ৷ আনফালে বিপৰীত দিশে AS02FJ1428 নম্বৰৰ এখন আৰটিকা বাহন মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখে আহি আছিল ৷ আহি থকা অৱস্থাতে জাগীৰোডৰ বাঘজাপত স্কুটি আৰু চাৰিচকীয়া বাহনখনৰ মাজত সংঘটিত হয় মুখামুখী সংঘৰ্ষ ৷ দুৰ্ঘটনাত আহত লোককেইজন ক্ৰমে ধৰমতুলৰ সীমান্ত দেউৰী(৩৫), জোনামণি দাস (২৫), ৰশ্মি দাস (২০), মনহা শান্তিপুৰৰ বুলি জানিব পৰা গৈছে ।

আনফালে একেদিনেই মাঙয়তো সংঘটিত হয় আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মায়ঙৰ সমীপৰ মূৰকটাত AS21J 9862 আৰু AS21E5407 নম্বৰৰ দুখন বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় তিনিগৰাকী লোক ৷ ঘটনাস্থলীত মায়ং আৰক্ষী উপস্থিত ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে কৃষ্ণ ৰয় নামৰ লোকজনক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে দুৰ্ঘটনাত কৃষ্ণ ৰয়ৰ ছবছৰীয়া শিশু সন্তানটি গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন এজন বাইক আৰোহীও আহত হয় ৷ আহত হোৱা বাইক আৰোহীজন সাজু মণ্ডল বুলি জানিব পৰা গৈছে ৷

একেদৰেই মৰিগাঁও - নগাঁও পথৰ জৰাবাৰীত সংঘটিত আন এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী ৷ আহত লোকজনৰ পৰিচয় বাতৰি যুগুত কৰা পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ দুৰ্ঘটনাত আহত হোৱা লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Road Accident in Kalgachia: জীৱন মৰণৰ সৈতে যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি ল’লে জাহিদুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.