ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Aug 29, 2021, 1:02 PM IST

top 10 at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

Tokyo Paralympics: টেবুল টেনিছত পদক জয়েৰে ইতিহাস ৰচনা ভৱিনাৰ

হুইল চেয়াৰতে বহি ইতিহাস ৰচিলে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ ভৱিনাবেন পেটেলে(Bhavinaben Patel) । টকিঅ'ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিক(Paralympics)ত টেবুল টেনিছ(Table Tennis)ৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে ভৱিনাই ।

আৰক্ষীৰ গুলীত থকা-সৰকা ডকাইতৰ দল, নিহত দুই

এনকাউণ্টাৰ অথবা গুলীচালনা ৷ এই শব্দটো বেছ কিছুদিনৰ পৰা সংবাদ শীৰ্ষ দখল কৰি আছে ৷ অসম আৰক্ষীয়ে শেহতীয়াকৈ বহুকেইটা এনকাউণ্টাৰৰ ঘটনাত জড়িত থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ শনিবাৰে তেনেকুৱা দুটাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত ৷

গ্ৰেপ্তাৰ হ’ল কাজিৰঙাৰ গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ড

কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান ৷ কাজিৰঙাৰ এশিঙীয়া খড়্গৰ গঁড় চাবলৈ প্ৰতিবছৰে সহস্ৰাধিক পৰ্যটকৰ কাজিৰঙালৈ আগমণ ঘটে ৷ কিন্তু চোৰাং চিকাৰ বাবে প্ৰতিবছৰে বহু গঁড় মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷ এনে সময়তে চোৰাং চিকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী আৰু বন বিভাগ ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকী কিংবদন্তি ধ্যান চান্দক স্মৰণ

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই দিনটোত বিভিন্ন বয়সৰ খেলুৱৈয়ে কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰি উদযাপন কৰে ।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...

ভাৰতীয় হকী দলৰ অধিনায়ক মেজৰ ধ্যান চান্দৰ আজি জন্মদিন ৷ হকীৰ সম্ৰাটগৰাকীৰ জন্মদিনটো দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ৷ কলিয়াবৰৰ এগৰাকী হকী খেলুৱৈয়ে এই দিনটোত হকীৰ সম্ৰাটগৰাকীৰ বহু কথা সুঁৱৰি নিবেদিলে শ্ৰদ্ধা ৷

কৃষকৰ পৰা প্ৰতি কুইন্টল ধান 1868 টকাত ক্ৰয় কৰিব ৰাজেন গোহাঁয়ে

মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত শনিবাৰে কৃষকৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ(Assam Food and Civil Supply) অধ্যক্ষ ৰাজেন গোহাঁইয়ে(Rajen Gohain) । কৃষকৰ দ্বাৰা উৎপাদিত খাদ্য সম্ভাৰৰ MSP সন্দৰ্ভত আলোচনা কৰে অধ্যক্ষগৰাকীয়ে ।

ক’ভিড ব্যৱস্থাপনাত হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

শনিবাৰে সকলো জিলাৰ উপায়ুক্তৰে ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড(Covid) পৰিস্থিতি আৰু প্ৰতিষেধক(Vaccine) অভিযানৰ অগ্ৰগতি পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ(Keshab Mahanta) ।

অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ গোচৰত অভিযুক্ত ৰিণ্টু শৰ্মালৈ আইনী সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্তক নস্যাৎ কৰিছে ধেমাজি জিলা উকীল সন্থাই(Dhemaji Advocate Association) ৷

মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ

শীঘ্ৰেই অখিল গগৈৰ 'ৰাইজৰ দল’ চামিল হ’ব পাৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোটত ৷ মহাজোটৰ পৰা বাদ পৰিব বিপিএফ আৰু ইউডিএফ ৷ কংগ্ৰেছৰ শীৰ্ষ নেতাৰে আলোচনাত মিলিত হ’বলৈ দিল্লীলৈ উৰা মাৰিলে অখিল গগৈয়ে ৷

King of Pop মাইকেল জেকচনৰ জন্মদিন বিশেষ

আজি King of Pop মাইকেল জেকচনৰ 63 সংখ্যক জন্মদিন ৷ পপ সংগীতক সমগ্ৰ বিশ্বতে পৰিচয় কৰাই দিয়া Global Star গৰাকীৰ বিষয়ে আহঁক জানো কিছু কথা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.