ETV Bharat / state

মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ

author img

By

Published : Aug 28, 2021, 9:52 PM IST

new equation in congress lead mahagathbandhan in asssam
মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ

শীঘ্ৰেই অখিল গগৈৰ 'ৰাইজৰ দল’ চামিল হ’ব পাৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোটত ৷ মহাজোটৰ পৰা বাদ পৰিব বিপিএফ আৰু ইউডিএফ ৷ কংগ্ৰেছৰ শীৰ্ষ নেতাৰে আলোচনাত মিলিত হ’বলৈ দিল্লীলৈ উৰা মাৰিলে অখিল গগৈয়ে ৷

গুৱাহাটী, ২৮ আগষ্ট : কংগ্ৰেছ নেতৃত্বাধীন মহাজোটত খুব সোনকালেই 'ৰাইজৰ দল' চামিল হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বিপিএফ আৰু এআইইউডিএফক বাদ দি 'ৰাইজৰ দল'ক মহাজোটৰ সংগী কৰি আগবঢ়াৰ ইচ্ছা কৰিছে কংগ্ৰেছ দলে । ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ সৈতে কেইবাগৰাকীও কংগ্ৰেছৰ শীৰ্ষ নেতাই আলোচনাত মিলিত হোৱাৰ পিছত শনিবাৰে বিধায়ক গগৈ গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰে ।

ইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি, দিল্লীত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটি( AICC)ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপৰিও আৰু কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছ নেতাৰ সৈতে আলোচনাত বহিব অখিল গগৈ । মন কৰিবলগীয়া যে ইতিমধ্যে অখিল গগৈয়ে স্পষ্ট কৰি দিছে যে, এআইইউডিএফ যেতিয়ালৈকে মহাজোটত থাকিব, তেতিয়ালৈকে ৰাইজৰ দল মহাজোটত চামিল হোৱাৰ প্ৰশ্ন নুঠে ।

ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই এআইইউডিএফৰ সংগ এৰিবলৈ কংগ্ৰেছ সাজু বুলিও ঘোষণা কৰিছে ।

ইতিমধ্যে, কলিয়াবৰৰ সাংসদ তথা লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়েও সম্প্ৰতি পূৰ্বৰ মহাজোটৰ পৰা দলটো মুক্ত হোৱাৰ সপক্ষে সংবাদমেল যোগে মত প্ৰকাশ কৰিছে ৷ এনে সময়তে কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে আলোচনাত বহিবলৈ অখিল গগৈৰ এই দিল্লী যাত্ৰা তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি দিল্লীত প্ৰশান্ত কিশোৰৰ সৈতেও আলোচনাত বহিব অখিল গগৈ ।

লগতে পঢ়ক : দিশপুৰত প্ৰমোদ বড়ো: পুনৰ হাগ্ৰামাৰ দখললৈ বড়োভূমি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.