ETV Bharat / state

দিশপুৰত প্ৰমোদ বড়ো: পুনৰ হাগ্ৰামাৰ দখললৈ বড়োভূমি !

author img

By

Published : Aug 28, 2021, 5:48 PM IST

পুনৰ সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ ৷ প্ৰমোদ বড়োক দিছপুৰলৈ নি হাগ্ৰামা মহিলাৰীক পুনৰ ত বি টি আৰৰ মুখ্য কাৰ্যবাহীৰ আসনত বহুওৱাৰ ৰণনীতি কৰিছে নেকি বিজেপিয়ে ? এই সম্পৰ্কত সবিশেষ জানো আহক ৷

new-political-equation-in-bodoland
দিশপুৰত প্ৰমোদ বড়ো: পুনৰ হাগ্ৰামাৰ দখললৈ বড়োভূমি !

গুৱাহাটী, ২৮ আগষ্ট : ৰাজ্যৰ ছটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পিছতে বড়োভূমিৰ দুই ৰাজনৈতিক মহাৰথী হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ ঠিকনা সলনি হোৱাটো প্ৰায় চূড়ান্ত হৈ পৰিছে । ইতিমধ্যে, দুয়োজন নেতাৰ ৰাজনৈতিক ঠিকনা সলনিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সুকীয়া সুকীয়াকৈ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে ।

ৰাজ্যৰ ৰাজনীতিৰ শেহতীয়া এনে পৰিবৰ্তনৰ খবৰে একপ্ৰকাৰ তোলপাৰৰ সৃষ্টি কৰিছে বিজেপি, বি পি এফ আৰু ইউ‌ পি পি এলৰ আভ্যন্তৰত । প্ৰাপ্ত খবৰ অনুসৰি বড়োভূমিৰ দুটা সমষ্টি তামুলপুৰ আৰু গোঁসাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন আৰু বি টি আৰ পৰিষদত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হ’বলগীয়া শক্তি পৰীক্ষাক কেন্দ্ৰ কৰিয়েই এই নতুন ৰাজনৈতিক বিন্যাস বিজেপিয়ে আৰম্ভ কৰিছে ৷

ইয়াৰ ফলস্বৰূপে বি পি এফ আৰু ইউ পি পি এল দুয়োটা দলক লগত ৰাখি বিধানসভাৰ মজিয়াত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিজকে প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে ।

এই নতুন সমীকৰণ অনুসৰি তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰমোদ বড়োক জয়ী কৰি আনি কেবিনেট মন্ত্ৰীৰ আসনত বহুওৱাৰ যো-জা কৰিছে বিজেপিয়ে ৷ সমান্তৰালভাৱে বিটিআৰ পৰিষদত গোপন বেলটেৰে শক্তি পৰীক্ষা অনুষ্ঠিত কৰি পৰিষদৰ দায়িত্ব পুনৰ বিপিএফক গতাই দিয়াৰ বাবে বিজেপিয়ে চিন্তা চৰ্চা কৰিছে । ফলত বি টি আৰৰ মুখ্য কাৰ্যবাহীৰ আসনত পুনৰ এবাৰ হাগ্ৰামা মহিলাৰী অধিষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে ।

লগতে পঢ়ক : অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.