অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

author img

By

Published : Aug 28, 2021, 3:26 PM IST

Vistadome train service

এতিয়া আৰু ভিষ্টাড'ম ৰে’ল সেৱাৰ সুবিধা ল'বলৈ আপুনি বহি: ৰাজ্য বা বিদেশলৈ যাব নালাগে । অসমতো আৰম্ভ হৈছে এই বিশেষ সেৱা । শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ'ল এই সেৱাৰ । পিছে কি কি সুবিধা থাকিব এই সেৱাত ?

নিউজ ডেস্ক, ২৮ আগষ্ট : অৱশেষত অসমৰ পৰ্যটনৰ মানচিত্ৰত সংযোজন হ’ল বহুচৰ্চিত ভিষ্টাড'ম ৰে’ল (Vistadome train) ৷ ভাৰতীয় ৰে'ল বিভাগ (Railway department of India) আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে (Assam Tourism Department) সংযোজন ঘটাইছে এই বিশেষ ৰে'ল সেৱাৰ ৷ শনিবাৰে পুৱা প্ৰথমটো যাত্ৰা হিচাপে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা ৬ বাজি ৩৫ মিনিটত হাফলঙলৈ বুলি ৰাওনা হয় ভিষ্টাড'ম ৰে'ল ৷

Vistadome
অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

গুৱাহাটীৰ পৰা হাফলঙলৈ দুৰত্ব ২৬৯ কিল’মিটাৰ ৷ পৰ্যটকসকলক এই যাত্ৰাপথ অতিক্ৰম কৰিবলৈ প্ৰয়োজন হ’ব ৫ ঘণ্টা সময়ৰ ৷ ৩৬০ ডিগ্ৰী পৰিমাপ সংলগ্ন আসনত বহি পৰ্যটকসকলে উপভোগ কৰিব পাৰিব পাহাৰীয়া জিলাখনৰ সৌন্দৰ্য ৷

Vistadome
অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

উল্লেখ্য যে, ৰে’লখনৰ বাহিৰ ভাগত কাঁচ লগোৱাৰ বাবে পৰ্যটকসকলে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাত সুবিধা হ’ব ৷ তদুপৰি পৰ্যটকসকলৰ বাবে ৰে'লখনত উপলব্ধ কৰা হৈছে Wi Fi, CCTV আৰু Fire Alarm ৰ সুবিধা । সপ্তাহত দুদিনকৈ চলিবলগীয়া ৰে'লখন বিয়লি ৫ বজাৰ পিছত উভতিব গুৱাহাটী অভিমুখে ৷

Vistadome
অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

উত্তৰ-পূৱত প্ৰথমবাৰলৈ চলা এই ভিষ্টাড'ম ৰে’লক লৈ আশাবাদী ৰাজ্য চৰকাৰ ৷ শনিবাৰে ৰে'লখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাই ৷ বৃহস্পতিবাৰে ডিমা হাছাওত ঘটা হিংসাত্মক ঘটনাৰ কথা উনুকিয়াই মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে এনে ঘটনা নোহোৱাৰ কামনা কৰে ৷

Vistadome
অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

হাফলঙৰ দৰেই শনিবাৰে নিউ জলপাইগুৰিৰ পৰা আলিপুৰদুৱাৰলৈও আৰম্ভ হ’ল ভিষ্টাড'ম ৰে’ল সেৱা ৷ চুবুৰীয়া দুখন ৰাজ্য ক্ৰমে অসম আৰু পশ্চিমবংগৰ পৰ্যটনত এই ৰে’লে বিশেষ মাত্ৰা প্ৰদানৰ আশা প্ৰকাশ কৰা হৈছে ৷ পৰ্যটন মন্ত্ৰী বিমল বৰাই ফ্লেগ অফ কৰি ৰে’লখনৰ যাত্ৰা মুকলি কৰে ৷ উক্ত অনুষ্ঠান উপস্থিত থাকে সাংসদ কুইন ওজাৰ লগতে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত উত্তৰ-পূৱৰ দ্বিতীয়টো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.