ETV Bharat / state

Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি

author img

By

Published : Apr 21, 2022, 8:16 AM IST

Assam Arunachal Border Dispute
দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত

অসম-অৰুণাচলৰ সীমা বিবাদ (Assam Arunachal Border Dispute) সন্দৰ্ভত বুধবাৰে কইনাধৰাৰ 1 নং অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত । অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰ্হি প্ৰযোজ্য হ'ব অসম-অৰুণাচলৰ ক্ষেত্ৰত । অসম আৰু অৰুণাচল প্ৰদেশৰ 12 খনকৈ মুঠ 24 খন সমিতি গঠন কৰি দিব ৰাজ্য চৰকাৰ দুখনে । নেতৃত্বত থাকিব কেবিনেট মন্ত্ৰী ।

গুৱাহাটী, 21 এপ্ৰিল : অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰ্হি এইবাৰ অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে । অসম-অৰুণাচলৰ সীমা বিবাদ (Assam Arunachal Border Dispute) সন্দৰ্ভত বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত কইনাধৰাৰ 1 নং অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Chief Ministers of both Assam and Arunachal sit on border issues) ৷

মুখ্যমন্ত্ৰী পৰ্যায়ৰ অনুষ্ঠিত দ্বিতীয়লানি বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ তিনিঘণ্টীয়া গুৰুত্বপূৰ্ণ বৈঠকখনত দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী আৰু শীৰ্ষ বিষয়া উপস্থিত থাকে । বৈঠকৰ অন্তত সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, সীমা সমস্যা সমাধানৰ বিষয়টো দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে ।

Assam Arunachal Border Dispute
দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত

দুয়োখন ৰাজ্যৰ 123 খন গাঁৱক কেন্দ্ৰ কৰি হৈছে এই বিশেষ আলোচনা । সীমা সমস্যা সমাধানৰ (Border dispute between Assam and Arunachal) বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ 12 খনকৈ মুঠ 24 খন সমিতি গঠন কৰি দিব ৰাজ্য চৰকাৰ দুখনে । ইয়াৰ নেতৃত্বত থাকিব কেবিনেট মন্ত্ৰী । 10-12 দিনৰ ভিতৰতে গঠন হ'বগীয়া সমিতিসমূহে পৰ্যায়ক্ৰমে সীমাসমূহ পৰিভ্ৰমণ কৰিব বুলি মন্ত্ৰী বৰাই কয় ।

লগতে পঢ়ক : Border disputes in Northeast: পাৰিকাৰ ইনষ্টিটিউটে দিলে প্ৰতিবেদন

উল্লেখ্য যে, চুবুৰীয়া কেইবাখনো ৰাজ্যৰ সৈতে অসমৰ দীৰ্ঘদিন ধৰি চলি আছে সীমা সমস্যা । দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে মেঘালয়ৰ সৈতে থকা 12 টা বিবদমান এলেকাৰ ভিতৰত প্ৰথম পৰ্যায়ত 6 টাৰ নিষ্পত্তি কৰা হৈছে ।

এই সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে । মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ দিশত এটা খোজ আগবঢ়াৰ পিছত এইবাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চলি অহা সীমা সমস্যা নিষ্পত্তিৰ বাবে আগবাঢ়িছে অসম চৰকাৰ । সেই অনুসৰিয়ে, বুধবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দ্বিতীয় বাৰৰ বাবে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Assam CM focus on border problem with Arunachal) ।

অসম মেঘালয়ৰ সীমা বিবাদ (Assam Meghalaya border issue) নিষ্পত্তি কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কৌশলেই অৰুণাচলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে । উল্লেখ্য যে, অনুসৰি অসম আৰু অৰুণাচলৰ মাজত 123 খন গাঁৱক লৈ দীৰ্ঘদিন ধৰি সীমা বিবাদ চলি আহিছে । অসম আৰু অৰুণাচল উভয়েই এই 123 খন গাঁও নিজৰ বুলি দাবী কৰি আহিছে ।

আনহাতে, অসম চৰকাৰে বিধানসভাত প্ৰকাশ কৰা তথ্য মতে, অৰুণাচল প্ৰদেশে অসমৰ প্ৰায় 8395.2545 হেক্টৰ ভূমি দখল কৰি ৰাখিছে ।

লগতে পঢ়ক : Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.