ETV Bharat / state

এতিয়াও নগাৰ দখলত অসমৰ ৬০ হাজাৰ হেক্টৰ ভূমি

author img

By

Published : Mar 16, 2022, 2:20 PM IST

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উপৰিও মেঘালয়, মিজোৰাম আৰু অৰুণাচলৰ সৈতে সুদীৰ্ঘ সময়জুৰি চলি আহিছে অসমৰ সীমা বিবাদ (Border dispute in Assam)। এয়া কোনো নতুন কথা নহয় । সময়ে সময়ে এই সীমা বিবাদে ৰক্তাক্ত ৰূপো ধাৰণ কৰিছে । চুবুৰীয়া ৰাজ্যৰ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি তথ্য দাঙি ধৰা হ'ল সেয়া অত্যন্ত উদ্বেগজনক ।

assam land occupied by naga in border
এতিয়াও নগাৰ দখলত অসমৰ ৬০ হাজাৰ হেক্টৰ ভূমি

গুৱাহাটী, ১৬ মাৰ্চ: আজিৰ তাৰিখতো অসমৰ প্ৰায় ৬০ হাজাৰ হেক্টৰতকৈও অধিক ভূমি বেদখল কৰি ৰাখিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডে (Naga aggression in Assam)। বিধানসভাত বুধবাৰে স্বয়ং চৰকাৰৰ ফালৰ পৰাই দাঙি ধৰা হয় এই তথ্য । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উপৰিও মেঘালয়, মিজোৰাম আৰু অৰুণাচলৰ সৈতে সুদীৰ্ঘ সময়জুৰি চলি আহিছে অসমৰ সীমা বিবাদ (Border dispute in Assam)। এয়া কোনো নতুন কথা নহয় । সময়ে সময়ে এই সীমা বিবাদে ৰক্তাক্ত ৰূপো ধাৰণ কৰিছে ।

কিন্তু সম্প্ৰতি চলি থকা বিধানসভাৰ বাজেট অধিবেশনৰ (Assam assembly Budget session) তৃতীয় দিনা চুবুৰীয়া ৰাজ্যৰ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি তথ্য দাঙি ধৰা হ'ল সেয়া অত্যন্ত উদ্বেগজনক । সদনত বুধবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প্ৰসংগত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে, কেৱল নাগালেণ্ডেই অসমৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটত প্ৰায় ৬০ হাজাৰ হেক্টৰতকৈও অধিক অসমৰ ভূমি বেদখল কৰি ৰাখিছে (Nagaland encroached Assam land in border) ।

যোৰহাটত ১৮,৬৫১.২৯ হেক্টৰ, গোলাঘাটত ৩৬,২৯৪.২৭ হেক্টৰ আৰু শিৱসাগৰত ৪,০০০ হেক্টৰ অৰ্থাৎ মুঠ ৫৮,৯৪৫.৫৬ হেক্টৰ অসমৰ বনভূমি নাগালেণ্ডে দখল কৰি থৈছে । তেনেদৰে, যোৰহাটত ২৫৫.৩৩ হেক্টৰ, চৰাইদেউত ২.৭০৪৩৬ হেক্টৰ আৰু শিৱসাগৰত ২৩.৯০৩৯ হেক্টৰ অৰ্থাৎ মুঠ ২৮১.৯৩৮২৬ হেক্টৰ ৰাজহভূমি নাগালেণ্ডে বেদখল কৰি থৈছে বুলি সদনত তথ্য দাঙি ধৰে বিভাগীয় মন্ত্ৰী গৰাকীয়ে ।

নিজৰ উত্তৰত মন্ত্ৰী বৰাই আৰু উল্লেখ কৰে যে, এই ভূমি অসমত অন্তৰ্ভুক্ত কৰাৰ বাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰা হৈছে । আনহাতে, নতুনকৈ হোৱা বেদখলকৃত ভূমি মুক্ত কৰিবৰ বাবে সংশ্লিষ্ট জিলা উপায়ুক্ত সকলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ সদনত তেওঁ প্ৰকাশ কৰে । অৱশ্যে মিজোৰাম আৰু মেঘালয়ৰ বিৰুদ্ধে বেদখলৰ কোনো গোচৰ এইপৰ্যন্ত অসমৰ ফালৰ পৰা তৰা হোৱা নাই বুলি প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে তেওঁৰ উত্তৰত উল্লেখ কৰে যে, অসম-অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা নিৰ্দ্ধাৰণ কৰি নিৰ্দেশনা দিবলৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰা হৈছে । এই গোচৰটোত অসমৰ সাক্ষীৰ সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে ।

ইপিনে, নাগালেণ্ডৰ বেদখল সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসম আৰু নাগালেণ্ডৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে Local Commission গঠন কৰা হয় । কিন্তু পৰৱৰ্তী সময়ত নাগালেণ্ড চৰকাৰে Local Commission গ্ৰহণ নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে মধ্যস্থতাকাৰী নিয়োগ কৰে । মধ্যস্থতাকাৰীয়ে সীমা নিৰ্দ্ধাৰণ কৰিবলৈ অপাৰগ হোৱাত এই গোচৰটো নিয়মীয়া গোচৰ হিচাপে আগবাঢ়ে বুলিও সদনত তেওঁ প্ৰকাশ কৰে ।

আনহাতে, অসম-অৰুণাচলৰ সীমা বিবাদ নিস্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে ২০০৬ চনৰ ২৫ ছেপ্টেম্বৰত এখন Local Commission গঠন কৰি দিয়ে । এই Commission এ অৰুণাচলে দাবী কৰি অহা ১২২ গাঁৱক বিভিন্ন ধৰণে ভাগ কৰে । সেই অনুসৰি ৩১ খন গাঁৱৰ কোনো সীমা বিবাদ নাই ।

অৰুণাচলৰ ভিতৰত থকা ৪ খন অসমীয়াভাষীৰ গাঁও অৰুণাচল প্ৰদেশে অন্তৰ্ভুক্ত কৰিব পাৰিব । অৰুণাচলৰ ভিতৰত থকা ২৩ খন গাঁৱৰ কৃষি ভূমিৰ অসমত থকা অংশ অৰুণাচল প্ৰদেশে দিয়া তথ্য মতে অসম চৰকাৰে আন্তঃৰাজ্যিক সীমা সলনি নকৰাকৈ নিয়মীয়া কৰিব পাৰিব । অসমৰ সীমাৰ ভিতৰত থকা ৬৪ খন গাঁৱৰ ৪ খনৰ বাহিৰে বাকী ৬০ খন অৰুণাচলৰ অন্তৰ্গত বুলি Local Commission এ অনুমোদন দিয়ে বুলি মন্ত্ৰী বৰাই তেওঁৰ উত্তৰত প্ৰকাশ কৰে ।

লগতে পঢ়ক : কি কি বিষয়ে স্থান পালে মুখ্যমন্ত্রীৰ বিধানসভাৰ বাজেট অধিৱেশনৰ বক্তব্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.