ETV Bharat / city

কি কি বিষয়ে স্থান পালে মুখ্যমন্ত্রীৰ বিধানসভাৰ বাজেট অধিৱেশনৰ বক্তব্যত

author img

By

Published : Mar 15, 2022, 10:10 PM IST

বিধানসভাৰ বাজেট অধিৱেশনত (Budget session of Assam assembly) মঙলবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ বক্তব্যত স্থান পালে নিয়োগ, ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা বিতৰ্ক,গৃহ বিভাগৰ বিষয়কে আদি কৰি বহু বিষয়ে ৷ জানো আহক কি আছিল মুখ্যমন্ত্ৰীৰ বক্তব্যত ৷

CM's speech in Budget session of Assam assembly
কি কি বিষয়ে স্থান পালে মুখ্যমন্ত্রীৰ বিধানসভাৰ বাজেট অধিৱেশনৰ বক্তব্যত

গুৱাহাটী, ১৫ মাৰ্চ : ধান কিনাৰ বাবে এফ চি আইক কোনো টাৰ্গেট দিয়া হোৱা নাই। যিমান ধান ওলাই আহিব সিমান কিনিব লাগিব। ইয়াত ১০ লাখ মেট্ৰিক টনৰ কোনো লক্ষ্য নিৰ্ধাৰণ কৰা হোৱা নাই। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমদিনা ৰাজ্যপালে দিয়া ভাষণৰ ওপৰত হোৱা বিতৰ্কৰ উত্তৰত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় (CM's speech in Budget session of Assam assembly) । ধান ক্ৰয়ৰ প্ৰসংগকলৈ সৃষ্টি হোৱা বিতৰ্কৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে উত্তৰ দি বিধায়ক সকলক তেওঁলোকৰ দায়িত্ব সম্পৰ্কে অৱগত কৰে ।

অসমত ৮০ লাখ মেট্ৰিক টন ধান উৎপাদন হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ধান বিক্ৰীৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ বাবে বিধায়কসকলে দায়িত্ব পালন কৰিব লাগিব। এতিয়ালৈকে ৭২,৮৩০ গৰাকী কৃষকে ধান বিক্ৰীৰ বাবে পঞ্জীয়ন কৰিছে। আনহাতে ১৮০ টা ধান ক্ৰয় কেন্দ্ৰ কৰা হৈছে। মুখ্যমন্ত্রীয়ে লগতে কয় আগন্তুক দুবছৰৰ ভিতৰত ধান ক্ৰয়ৰ ব্যৱস্থাটোৰ পৰা এফ চি আই আঁতৰি যাব ।

কি কি বিষয়ে স্থান পালে মুখ্যমন্ত্রীৰ বিধানসভাৰ বাজেট অধিৱেশনৰ বক্তব্যত

অসম চৰকাৰে নিজে ধান ক্ৰয় কৰিব । বিধায়কসকলে চৰকাৰক সহযোগীতা কৰিলে ৰাজ্যখনৰ জিডিপি বহু বৃদ্ধি পাব । অংগনবাৰী কেন্দ্ৰৰ প্ৰসংগকলৈ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে বিধায়কৰ কাম হ'ব লাগে যে নিজৰ সমষ্টিটোত বেছিকৈ কেন্দ্ৰ আহিব লাগে আৰু কেন্দ্ৰবোৰ ভালকৈ হৈছে নে নাই । তাকে নকৰি কমিটিকলৈ বিধায়কে মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই। বিধায়কৰ চিন্তাধাৰা গঠনমূলক হ'ব লাগে ।

গৃহ বিভাগক লৈ হোৱা প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে ২০২১ৰ জানুৱাৰী মাহত অসমৰ থানাত গোচৰ ৰুজু হৈছিল ৮,৬৬১ টা আৰু ২০২২ চনৰ জানুৱাৰীত হৈছে ৭,৭০৬ টা। সেইদৰে ২০২১ৰ ফেব্ৰুৱাৰী মাহত ৮৯৪১ টা হৈছিল আৰু ২০২২ চনৰ ফেব্ৰুৱাৰীত ৫৪২৫ টা হৈছে । দুটা মাহৰ হিচাপত অসমত অপৰাধৰ হাৰ ৩০ শতাংশ হ্ৰাস পাইছে। আৰক্ষীৰ একচনে কাম কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এনকাউন্টাৰকলৈ আমাক সমালোচনা কৰা হয় ।

অপৰাধীক অপৰাধীৰ দৃষ্টিৰে চোৱাৰ প্ৰসংগৰে মুখ্যমন্ত্রীয়ে বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে। বিৰোধী পক্ষই বাৰে বাৰে হত্যাকাৰী তথা ধৰ্ষণকাৰীৰ পক্ষত থিয় হোৱা কাৰ্যক ৰাইজে ভাল পোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে পৌৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে সদৰি কৰে। এনকাউণ্টাৰৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ ৰাজনীতি কৰি লাভ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ধৰ্মক লৈ নহয় যুদ্ধ ড্ৰাগছৰ বিৰুদ্ধেহে হ’ব লাগে, যুদ্ধ অপৰাধীৰ বিৰুদ্ধেহে হ’ব লাগে ।

ইয়াত অপৰাধীৰ বিৰুদ্ধে একচন লোৱা হৈছে । এইখন চৰকাৰে কোনো জাতি-ধৰ্মৰ বিৰুদ্ধে একচন লোৱা হোৱা নাই বুলি তেওঁ কয়। এইখন চৰকাৰৰ ওপৰত ৰাইজৰ বিশ্বাস আছে। তেওঁ লগতে কয় যে চৰকাৰখনে বহু কাম নীৰৱে কৰি আছে। চৰকাৰে কৰা কামৰ বাবেই ৫ লাখ ১৩ হাজাৰ মানুহে ড্ৰাইভিং লাইচেন্স ল'বলৈ সক্ষম হৈছে। মিছন বসুন্ধৰাত ৮ লাখ লোক উপকৃত হ'ব। ৰাজ্যখনত কাম কৰাৰ পৰিৱেশ গঢ় লৈ উঠিছে। ৰাইজে এতিয়া নতুনত্ব লাভ কৰিছে ।

অনলাইন ব্যৱস্থাৰে চৰকাৰখনে নিবনুৱাৰ তথ্য সংগ্ৰহ কৰি আছে। যাতে যোগ্যতা অনুসৰি নিবনুৱাই চাকৰি লাভ কৰিব পাৰে। অসমখনক ডিজিটেল পৰ্যায়লৈ নিব বিচৰা হৈছে। তেওঁ লগতে কয় যে বিদ্যুৎ খণ্ডৰ দৰে অসম ৰাজ্যিক পৰিবহন নিগমতো আমি আয় কৰিব বিচাৰিছো। ব্যৱসায়িক অনুজ্ঞাপত্রৰ ক্ষেত্রত ১০ হাজাৰ লোকে ঘৰত বহি লাভ কৰিছে। ফ্লেট ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্রত থকা অনুমতি উঠাই দিয়া হৈছে ।

চাকৰিৰ ক্ষেত্রত তেওঁ কয় যে ২৫ মাৰ্চৰ ভিতৰত বিজ্ঞাপন দিয়া হ'ব আৰু একেদিনাই ৩৫-৪০ হাজাৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব। ১০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত এমাহৰ কৰ্মযজ্ঞ অনুষ্ঠিত কৰি বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ কথা তেওঁ উল্লেখ কৰে। এক লাখ টাৰ্গেট জুনত নোৱাৰিলেও জুলাইৰ ভিতৰত কৰা হ'ব। চৰকাৰখনে অতি নিষ্ঠাৰে কাম কৰিছে বুলি তেওঁ কয়। গৰুখুঁটিৰ প্ৰসংগত তেওঁ কয় যে তাত কাৰো কোনো আপত্তি নাই ।

চৰকাৰে সকলো কাম পৰ্যায় ক্ৰমে কৰি গৈছে। তেওঁ লগতে কয় যে সংখ্যালঘুসকল বৰ্তমান প্ৰকৃততে সংখ্যাগুৰু। গতিকে তেওঁলোকে জনজাতীয় লোকসকলৰ কথা চিন্তা কৰিব লাগিব। বিৰোধীৰ গৰিষ্ঠ সংখ্যক আসন সংখ্যালঘুসকলে দখল কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে। জনজাতীয় এলেকাত বেদখল কৰাটো উচিত নহয়। আজি সংখ্যালঘুসকল অসমৰ বৃহৎ সম্প্ৰদায় আৰু এই সম্প্ৰদায়টোৱে সম্প্ৰীতিৰ সৃষ্টি কৰিব লাগিব।

মুছলমান সম্প্ৰদায়ৰ পৰা প্ৰগতিশীল কথাবোৰ আৰম্ভ হ'লে অসমত কোনো গণ্ডগোল নাথাকে বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে। বৰ্তমান সময়ত অসমীয়া লোকসকল ভৱিষ্যতকলৈ শংকিত হৈ আছে বুলি তেওঁ কয়। ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা বিতৰ্কৰ ক্ষেত্রত বিধায়কসকলে দিয়া পৰামৰ্শ সমূহ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।

লগতে পঢ়ক : বিৰোধী বিধায়কক একেলগে The Kashmir files চাবলৈ লগ ধৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.