ETV Bharat / city

Border disputes in Northeast: পাৰিকাৰ ইনষ্টিটিউটে দিলে প্ৰতিবেদন

author img

By

Published : Feb 14, 2022, 7:21 PM IST

parrikar-institute-gave-report-on-land-conflict-of-ne-states
সীমা সমস্যা: পাৰিকাৰ ইনষ্টিটিউটে দিলে প্ৰতিবেদন

অসমসহ উত্তৰ পূৱৰ সীমা বিবাদ চলি থকা আটাইকেইখন ৰাজ্যলৈ মনোহৰ পাৰিকাৰ ইনষ্টিটিউট ফৰ ডিফেঞ্চ ষ্টাডিজ এণ্ড এনালাইছিছে প্ৰেৰণ কৰিছে প্ৰতিবেদন ৷ দীৰ্ঘদিনীয়া সীমা সমস্যা (Land conflict of Assam with border states) কিদৰে সমাধান কৰিব পাৰি সেই সম্ভাৱনীয়তা দাঙি ধৰা হৈছে এই প্ৰতিবেদনত ৷

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : অসমৰ সৈতে চলি থকা চুবুৰীয়া ৰাজ্যকেইখনৰ দীৰ্ঘদিনীয়া সীমা সমস্যা (Land conflict of Assam with border states) কিদৰে সমাধান কৰিব পাৰি তাৰ কেতবোৰ সম্ভাৱনীয়তা দাঙি ধৰি নতুন দিল্লীস্থ মনোহৰ পাৰিকাৰ ইনষ্টিটিউট ফৰ ডিফেঞ্চ ষ্টাডিজ এণ্ড এনালাইছিছ ( Manohar Parrikar Institute for Defense Studies and Analysis) নামৰ প্ৰতিষ্ঠানটোৱে অলপতে কেন্দ্ৰীয় চৰকাৰৰ হাতত এক দীঘলীয়া প্ৰতিবেদন দাখিল কৰিছে ।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়েও সংসদৰ চলিত বাজেট অধিবেশনত এই কথা প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সংসদত প্ৰকাশ কৰা মতে পাৰিকাৰ ইনষ্টিটিউটে দিয়া এই প্ৰতিবেদন ইতিমধ্যে অসমসহ উত্তৰ পূৱৰ সীমা বিবাদ চলি থকা আটাইকেইখন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ।

প্ৰতিখন ৰাজ্যই এই প্ৰতিবেদন অধ্যয়ন কৰাৰ পিছত নিজা নিজা প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিব আৰু তাৰ পিছতহে সীমা বিবাদ নিস্পত্তিৰ বিষয়টো সমাধানৰ দিশে চৰকাৰ আগবাঢ়িব । মনকৰিবলগীয়া যে অসমৰ সৈতে আটাইতকৈ বেছিকৈ সীমা বিবাদ চলি থকা উত্তৰ পূৱৰ চুবুৰীয়া ৰাজ্য চাৰিখন হ'ল মিজোৰাম, নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশ ।

Parrikar Institute gave report on land conflict of NE states
সীমা সমস্যা: পাৰিকাৰ ইনষ্টিটিউটে দিলে প্ৰতিবেদন

ইতিমধ্যে, ড৹ হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা চুবুৰীয়া এই চাৰিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে জোৰামথাংগা, নেফিউ ৰিঅ', কনৰাড চাংমা আৰু পেমা খাণ্ডুৰ সৈতে সুকীয়া সুকীয়াকৈ গুৱাহাটীত কেইবাবাৰো বৈঠকত মিলিত হৈছে । কিন্তু সমাধান সুত্ৰ আজি পৰ্যন্ত ওলোৱা নাই । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ইতিমধ্যে ঘোষণাও কৰিছে যে তেওঁৰ কাৰ্যকালতে চুবুৰীয়া ৰাজ্য কেইখনৰ সৈতে চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদ তেওঁ নিস্পত্তি কৰি থৈ যাব খোজে ।

ইতিমধ্যে, সীমা সমস্যাৰ বিষয়টোক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে জোৰামথাংগা, ডঃ শৰ্মা আৰু কনৰাড চাংমা সুকীয়া সুকীয়াকৈ দুলানি বৈঠকতো মিলিত হৈছে (Amit Shah meets NE CMs for border dispute) । আনহাতে, উত্তৰ পূৱৰ এই ৰাজ্য কেইখনৰ মাজত চলি থকা সীমা সমস্যা কিদৰে নিস্পত্তি কৰিব পাৰি সেই বিষয়টো অধ্যয়ন কৰিবলৈ ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে মনোহৰ পাৰিকাৰ ইনষ্টিটিউট ফৰ ডিফেঞ্চ ষ্টাডিজ এণ্ড এনালাইছিছ নামৰ প্ৰতিষ্ঠানটোক দায়িত্ব দিছিল ।

তাৰেই ভিত্তিত প্ৰতিষ্ঠানটোৱে অলপতে এই প্ৰতিবেদন দাখিল কৰিছে । চৰকাৰী তথ্য মতে চুবুৰীয়া ৰাজ্য সমূহে অসমৰ ৬৯,০১০ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে । ইয়াৰে সৰ্বাধিক ভূমি আছে নাগালেণ্ডৰ দখলত । ইপিনে মিজোৰাম আৰু অসমৰ সীমা সংঘাতে (Assam Mizoram border conflict) সময়ে সময়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে । যাৰ পৰিণতিত ইতিমধ্যে অসম আৰক্ষীৰ ছজনকৈ জোৱানে প্ৰাণাহুতি পৰ্যন্ত দিবলগীয়া হৈছে ।

আনহাতে, অসম আৰু মেঘালয়ৰ মাজত সুদীৰ্ঘ সময়জুৰি যি বাৰটা স্থানক কেন্দ্ৰ কৰি বিবাদ চলি আহিছে তাৰে ছটা স্থানৰ বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে অসম আৰু মেঘালয় চৰকাৰ সহমতত উপনীত হৈছে । সেই ছটা বিবদমান স্থান মেঘালয়ক এৰি দিবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰি আহিছে ৰাজ্যৰ বিৰোধী দলসমূহে ।

লক্ষণীয়ভাৱে, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী গৰাকীয়ে সংসদত অলপতে এই বুলিও প্ৰকাশ কৰিছে যে মনোহৰ পাৰিকাৰ ইনষ্টিটিউটে দিয়া সেই অধ্যয়নৰ প্ৰতিবেদনৰ আধাৰত ৰাজ্য চৰকাৰ সমূহৰ মতামত গ্ৰহণ কৰিহে সীমা বিবাদ নিষ্পত্তিৰ চূড়ান্ত সিদ্ধান্ত লোৱা হব যদিও এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিজাকৈ কোনোধৰণৰ হস্তক্ষেপ নকৰে ।

কিয়নো সীমা বিবাদ চলি থকা ৰাজ্য কেইখনে পৰস্পৰৰ মাজত আলোচনা কৰিহে ইয়াৰ সমাধানসুত্ৰ উলিয়াব লাগিব । কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত মাথো সহায়হে কৰিব । উল্লেখযোগ্য যে অসম, অৰুণাচল, মিজোৰাম, মেঘালয় আৰু নাগালেণ্ডৰ মাজত চলি থকা সীমা বিবাদ প্ৰায় তিনি দশক পুৰণি ।

লগতে পঢ়ক : জেমছ বণ্ডৰ ছবিৰ কথাৰে সংসদত এনকাউন্টাৰৰ প্ৰসংগ উলিয়ালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.