ETV Bharat / city

জেমছ বণ্ডৰ ছবিৰ কথাৰে সংসদত এনকাউন্টাৰৰ প্ৰসংগ উলিয়ালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

author img

By

Published : Feb 14, 2022, 1:06 PM IST

এনকাউন্টাৰ'ৰ বিতৰ্ক এইবাৰ বিধানসভাৰ পৰিধি ভাঙি সংসদত উত্থাপিত হ'ল । জেমছ বণ্ডৰ ছবিৰ কথাৰে সংসদত এনকাউন্টাৰৰ প্ৰসংগ উলিয়ালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Mp Pradyut Bordoloi talks about encounter in parliament ) ৷

mp-pradyut-bordolois-speech-in-parliament-against-encounter
জেমছ বণ্ডৰ ছবিৰ কথাৰে সংসদত এনকাউন্টাৰৰ প্ৰসংগ উলিয়ালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : অসম আৰক্ষীয়ে ধাৰাবাহিকভাবে চলাই থকা 'এনকাউন্টাৰ'ৰ বিতৰ্ক এইবাৰ বিধানসভাৰ পৰিধি ভাঙি সংসদত উত্থাপিত হ'ল । লোকসভাৰ চলিত বাজেট অধিবেশনত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সদনৰ শূণ্যকালিন ঘন্টাত অসমত চলি থকা আৰক্ষীৰ এনে ধাৰাবাহিক এনকাউন্টাৰৰ বিষয়টো উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে (Mp Pradyut Bordoloi talks about encounter in parliament ) ।

জেমছ বণ্ডৰ ছবিৰ কথাৰে সংসদত এনকাউন্টাৰৰ প্ৰসংগ উলিয়ালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

সাংসদ গৰাকীয়ে সংসদত তেওঁৰ ভাষণত কয় যে এই পৰম্পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ ৰাজ্যত আৰম্ভ কৰিছিল আৰু এতিয়া অসম চৰকাৰে সেই একেই পথ অনুসৰণ কৰিছে । তেওঁ আৰু কয় যে "ৱেষ্টাৰ্ন কাউবয়" ৰ দৰে কিম্বা জেমছ বণ্ডৰ চিনেমাৰ কাল্পনিক চৰিত্ৰৰ দৰে কোনো আইন কানুন নমনাকৈ অসমত এতিয়া আৰক্ষীয়ে মানুহ গুলীয়াবলৈ কুণ্ঠাবোধ নকৰা হ'ল (Pradyut Bordoloi made reference to James bond in parliament )।

সংসদত নিজৰ ভাষণত সাংসদ গৰাকীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ প্ৰসংগও টানি আনি কয় যে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুছভেল্টে কৈছিল যে দৰকাৰ হ'লে ন্যায় বহিৰ্ভূত ভাবেও হত্যা কৰা হব (Extra judicial killings) । অসমতো এতিয়া ঠিক এনে এক পৰিস্থিতিৰেই সৃষ্টি হৈছে বুলি তেওঁ মন্তব্য কৰে । বিষয়টোৰ গুৰুত্বৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁ কয় যে ন্যায় বহিৰ্ভূত আৰু সংবিধান বৰ্হিভূতভাবে এনে কাম কৰিবলৈ আমাৰ দেশত কোনেও কাকো কৰ্তৃত্ব প্ৰদান কৰা নাই ।

এখন সভ্য সমাজ কেতবোৰ ৰীতি নীতিৰ মাজেৰে পৰিচালিত হয় । সেয়া ভংগ কৰাৰ অধিকাৰ কাৰোৱেই নাই । নিশ্চিতভাবে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব । আইনৰ মাজেৰে সেই কাম কৰাৰ ব্যৱস্থা আছে । আৰক্ষীক যদি এইধৰণে অপাৰ ক্ষমতা দিয়া হয় তেন্তে সেয়া গণতন্ত্ৰৰ প্ৰতি ডাঙৰ ভাবুকি হিচাপে দেখা দিয়ে । বিগত জুন মাহৰ পৰা এতিয়ালৈকে অসম আৰক্ষীয়ে প্ৰায় ৯০ টা এনে এনকাউন্টাৰ অসমত সংঘটিত কৰিছে আৰু ৩২ জন লোকক হত্যা কৰিছে ।

ইয়াৰ উপৰিও বহুজন আহত হৈছে বুলিও তেওঁ সংসদত তথ্য দাঙি ধৰে । ই টিভি ভাৰতৰে সোমবাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত সাংসদ বৰদলৈয়ে আৰু কয়- " এনে ধৰণৰ ঘটনা বিলাক কেতিয়াও এখন সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হব নোৱাৰে । গতিকে তথ্য সহকাৰে এই বিষয়টো মই লোকসভাত উল্থাপন কৰিছিলো আৰু এনেকুৱা প্ৰতিটো ঘটনাৰে এটা ন্যায়িক তদন্ত দাবী কৰিছো । কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিশ্চয় সংসদৰ চলিত এই অধিবেশনতে মোৰ এই বিষয়টোৰ এটা উত্তৰ দিব । "

উল্লেখযোগ্য যে, অসমত আৰক্ষীয়ে চলাই থকা এনেধৰণৰ এনকাউন্টাৰ বন্ধ কৰাৰ বাবে ইতিমধ্যে দিল্লীৰ এগৰাকী অধিবক্তায়ো গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল । ন্যায়ালয়ে সেই আবেদনৰ শুনানি কেইবাবাৰো গ্ৰহণ কৰিছে । ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে আদালতত বিষয়টো সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈও বাধ্য হৈছে, যত এনে এনকাউন্টাৰ সমূহৰ বিষয়ে বহু নতুন দিশ উন্মোচিত হৈছে ।

লগতে পঢ়ক : তৃণমূল কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.