ETV Bharat / state

Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Apr 20, 2022, 2:17 PM IST

CM of Assam and Arunachal meet over border dispute in Guwahati
গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত কইনাধৰাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে আছে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা শীৰ্ষ বিষয়া (Chief Ministers of both Assam and Arunachal sit on border issues) ।

গুৱাহাটী, ২০ এপ্ৰিল : মেঘালয়ৰ পাচত এইবাৰ অসম-অৰুণাচলৰ সীমা সমস্যা (Border dispute between Assam and Arunachal) সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী বুধবাৰে বৈঠকত মিলিত হৈছে । এই বৈঠকখন বুধবাৰে গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় ।

কইনাধৰাত আৰম্ভ হোৱা গুৰুত্বপূৰ্ণ বৈঠকখনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছে । এই বৈঠকতে অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনা আছে (Chief Ministers of both Assam and Arunachal sit on border issues) ।

CM of Assam and Arunachal meet over border dispute in Guwahati
গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে, সীমা সমস্যাক লৈ দীৰ্ঘদিনে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল যদিও, এই সমগ্ৰ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ দিয়াৰ বাবে বুধবাৰে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী বৈঠকত মিলিত হৈছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ কনফাৰেন্সযোগে শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ উপায়ুক্তসকলৰ সৈতে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিছিল ।

লগতে পঢ়ক : Assam-Mizoram border issue: অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

অসম চৰকাৰে বিধানসভাত প্ৰদান কৰা তথ্য মতে, অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে দখল কৰি ৰাখিছে । ইয়াৰে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথত ৪৭৫১ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ আৰু চৰাইদেউত ৬০২.০১ হেক্টৰ অসমৰ ভূমি অৰুণাচলৰ দখলত আছে । বুধবাৰৰ বৈঠকত এই সীমা সমস্যাৰ ক্ষেত্ৰত ইতিবাচক দিশ নিৰ্ণয় হ'ব বুলি আশা কৰা হৈছে ।

ইফালে মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, কেইবা দশকজুৰি অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ মাজত চলি থকা সীমা বিবাদৰ জটিল সমস্যাটো তেওঁৰ কাৰ্যকালতে সমাধান কৰাৰ বাবে চেষ্টা কৰিব । সেই অনুসৰি, ইতিমধ্যে মেঘালয়ৰ সৈতে চলি থকা অসমৰ সীমা বিবাদৰ ১২ টাৰ ভিতৰত ৬ টাৰ ক্ষেত্ৰত নিষ্পত্তি কৰা হৈছে ।

CM of Assam and Arunachal meet over border dispute in Guwahati
কইনাধৰাত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

এই সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত চুক্তিও স্বাক্ষৰিত হৈছে । মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ দিশত এটা খোজ আগবঢ়াৰ পিছত এইবাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চলি অহা সীমা সমস্যা নিষ্পত্তিৰ বাবে আগবাঢ়িছে অসম চৰকাৰ (Assam CM focus on border problem with Arunachal) । সেই অনুসৰি বুধবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে ।

তথ্য অনুসৰি, অসম আৰু অৰুণাচলৰ মাজৰ ১২২ খন গাঁৱক লৈ দীৰ্ঘদিন ধৰি সীমা বিবাদ চলি আহিছে । অসম আৰু অৰুণাচল উভয়েই এই ১২২ খন গাঁও নিজৰ বুলি দাবী কৰি আহিছে । অসম চৰকাৰে বিধানসভাত প্ৰকাশ কৰা তথ্য মতে, অৰুণাচল প্ৰদেশে অসমৰ প্ৰায় ৮৩৯৫.২৫৪৫ হেক্টৰ ভূমি দখল কৰি ৰাখিছে ।

লগতে পঢ়ক : Assam Arunachal Border issue : মেঘালয়ৰ পিছত এইবাৰ অৰুণাচলৰে আলোচনা অসমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.