ETV Bharat / city

Assam-Mizoram border issue: অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Apr 1, 2022, 10:16 PM IST

important-meeting-on-assam-mizoram-border-issue
অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৰ নিৰ্দেশ অনুসৰি জনতা ভৱনত মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাৰ লগত ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা (Minister Atul Bora) ।

গুৱাহাটী, 1 এপ্ৰিল : চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ মীমাংসা কৰাৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ইতিমধ্যে অসম-মেঘালয়ৰ 6 টা বিবাদমান এলেকাৰ মীমাংসাৰ চুক্তিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিছে । চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ মীমাংসাৰ বাবে পৰ্যায়ক্ৰমে পদক্ষেপ লোৱা হৈছে ।

ইয়াৰে অংশ স্বৰূপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰে জনতা ভৱনত মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাৰ লগত ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা (Minister Atul Bora) । বৈঠকত অসম-মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান সন্দৰ্ভত আলোচনা কৰা হয় (Video Conference held to resolve border issues of Assam-Mizoram border) ।

important-meeting-on-assam-mizoram-border-issue
অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

এইক্ষেত্ৰত মিজোৰামৰ গৃহ মন্ত্ৰীগৰাকীয়ে ইতিবাচক সঁহাৰি প্ৰকাশ কৰে আৰু সীমা সমস্যা সমাধানৰ উদ্দেশ্যে এখন আঞ্চলিক সমিতি গঠনৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰে । লগতে অতি সোনকালেই দুয়োখন ৰাজ্যৰ কোনো এক নিৰ্বাচিত সীমান্ত অঞ্চলত এক বৈঠকত মিলিত হোৱাৰো আশা প্ৰকাশ কৰে মিজোৰামৰ গৃহ মন্ত্ৰীগৰাকীয়ে ।

তদুপৰি অসম-মিজোৰাম সীমান্তত চলি থকা কিছুমান ঘটনা তথা কাৰ্যকলাপ সন্দৰ্ভত গৃহ মন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে মন্ত্ৰী অতুল বৰাই । লগতে এইক্ষেত্ৰত মিজোৰাম চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । শেহতীয়াকৈ এই বৈঠকত অসম-মেঘালয়ৰ সীমা সমস্যাৰ সমাধানৰ বাবে হোৱা ঐতিহাসিক বুজাবুজি চুক্তিখনৰ প্ৰসংগ উল্লেখ কৰি লালচামলিয়ানাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে ।

important-meeting-on-assam-mizoram-border-issue
অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত অসম চৰকাৰৰ গৃহ-ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জি ডি ত্ৰিপাঠী, সচিব প্ৰভাতী থাউচেন, সীমান্ত শাখাৰ আৰক্ষী মহাপৰিদৰ্শক ভায়'লেট বৰুৱা, মিজোৰামৰ অতিৰিক্ত মুখ্য সচিব, গৃহ সচিব প্ৰমুখ্যে কাছাৰ আৰু হাইলাকান্দি জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষক আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছ নেতা মানস বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.