দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 13, 2022, 1:13 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Firing on defeated BSP candidate in Aligarh : আলীগড়ত পৰাজিত বিএছপি প্ৰাৰ্থীৰ ওপৰত গুলীচালনা

আলীগড়ৰ বাৰাউলি বিধানসভা সমষ্টিৰ পৰাজিত বিএছপি প্ৰাৰ্থী (BSP candidate in Aligarh) নৰেন্দ্ৰ শৰ্মাৰ ওপৰত গুলীচালনা ৷ শনিবাৰে সন্ধিয়া নৰেন্দ্ৰ শৰ্মা নামৰ প্ৰাৰ্থীগৰাকীয়ে আলীগড়ৰ পৰা বাৰাউলি অভিমুখে আহি থকা অৱস্থাত কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ বাহনখন আগচি ধৰি গুলীচালনা কৰে (Firing on defeated BSP candidate in Aligarh) ৷ এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷

চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰৰে বৈঠক যোগী আদিত্যনাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে ৰাজধানী দিল্লীত (CM Yogi Adityanath will visit the national capital today) উপস্থিত হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) শীৰ্ষ নেতৃত্বৰ সৈতে চৰকাৰ গঠন সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷

Brutal murder in Dibrugarh: ধলাজান চাহ বাগিচাত ৪ বছৰীয়া শিশুক ডিঙি কাটি হত্যা

ৰহমৰীয়াৰ ধলাজান চাহ বাগিচাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Dibrugarh) ৷ ৩৫ বছৰীয়া শোনিত তাঁতীয়ে ডিঙি কাটি হত্যা কৰে এটি ৪ বছৰীয়া শিশুক ৷ তাৰ পাচতে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজে ৷ ক্ষুব্ধ ৰাইজে ৰাজহুৱাভাৱে হত্যা কৰি জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীক ৷

HSLC exam 2022 : বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰী

হোজাই জিলাৰ লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত এগৰাকী ছাত্ৰী (a student deprives from hslc examination of Assam) । শিক্ষকসকলৰ গাফিলতৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ছাত্ৰীগৰাকীৰ অভিভাৱকৰ । আনকি লংকাত হাইস্কুলৰ প্ৰধান শিক্ষকে ধনৰ প্ৰলোভন দিয়াৰ অভিযোগ তৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে ।

Devastating fire in Sivsagar : শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত 3 খন বিপণী

শনিবাৰে নিশা প্ৰায় 12 বজাত বকতা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire incident at Bokota) । এই অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ বিপণী (Devastating fire in Sivsagar) ৷ ফলত সৰ্বস্বান্ত হৈ পৰিছে তিনিটাকৈ পৰিয়াল ৷ ইফালে ৰাইজৰ অভিযোগ, ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰৰ দিয়াৰ পাচতো ঘটনাস্থলীত উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

Eviction Drive at Animal Corridor : কি ক’লে বনমন্ত্ৰীয়ে ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰৰ উচ্ছেদ সম্পৰ্কে মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ (Forest Minister Parimal Suklabaidya) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলে পূৰ্বৰে পৰা বিচৰণ কৰা কাষৰীয়া অঞ্চলসমূহ মুক্ত কৰি ৰখাৰ পোষকতা মন্ত্ৰীগৰাকীৰ ৷ উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ দাবী বনমন্ত্ৰীৰ ৷

বৰমাত "মৰাপাগলাদিয়া সাহিত্য বঁটা" প্ৰদান অনুষ্ঠান

এইবছৰ বৰমাৰ বিশিষ্ট সাহিত্যিক, গৱেষক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাক প্ৰদান কৰা হয় মৰাপাগলাদিয়া সাহিত্য বঁটা (Marapagladia Sahitya Award to Nripendra Nath Sharma) । অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত । মৰাপাগলাদিয়া নৈৰ প্ৰদূষণ ৰোধৰ বাবে ৰাইজক ব্যৱস্থা গ্ৰহণৰ আহ্বান । বৰমা অঞ্চলৰ বাতৰি কাকত বিতৰকসকলকো সম্বৰ্ধনা ৷

Road accident at Dikom : ডিকম নাদুৱা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1

ডিকম নাদুৱা বাইপাছত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Dikom) ৷ ডিকম বাইপাছত এখন চাৰিচকীয়া বাহনে দোকানসহ মহটিয়াই নিয়ে এজনক ৷ ফলত থিতাতে নিহত হয় এজন ৷

Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক

বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ পূৰ্বে কংগ্ৰেছ সংসদীয় কমিটীৰ বৈঠক (Congress meeting before 2nd part of budget session) । ছোনিয়া গান্ধীয়ে আহ্বান জনাইছে বৈঠকৰ । বিৰোধী কংগ্ৰেছৰ ৰণনীতি সম্পৰ্কে এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা ।

মহানগৰীৰ বিৰুবাৰীত পিতৃ-কন্যাক দাৰে আক্ৰমণ ভূ-মাফিয়াৰ

মহানগৰীৰ বিৰুবাৰীত বিৰুবাৰী ৰামকৃষ্ণ মিছনৰ সমীপত সংঘটিত ভূমিকেন্দ্ৰীক সংঘাত(Land clash at Birubari in Guwahati) ৷ পিতৃ-কন্যাক দাৰে আক্ৰমণ এজন ভূ-মাফিয়াৰ ৷ শনিবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনা ৷ ধৃত ভূ-মাফিয়াৰটোৰ নাম দিলীপ সিং ওৰফে গুদু বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.