Road accident at Dikom : ডিকম নাদুৱা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Mar 13, 2022, 10:46 AM IST

ডিকম নাদুৱা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1

ডিকম নাদুৱা বাইপাছত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Dikom) ৷ ডিকম বাইপাছত এখন চাৰিচকীয়া বাহনে দোকানসহ মহটিয়াই নিয়ে এজনক ৷ ফলত থিতাতে নিহত হয় এজন ৷

মৰাণ, 13 মাৰ্চ : ডিকম নাদুৱা বাইপাছত শনিবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ডিকম আৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা চাহ বাগিচাৰ কৰ্মচাৰী ৰিখেন বৰুৱাই পুৱাই বাইপাছত দোকান দি থকা অৱস্থাত এখন গাড়ীয়ে দোকান সহ ব্যক্তিজনক মহটিয়াই নিয়ে ৷ ফলত থিতাতে নিহত হয় ৫৫ বছৰীয়া ৰিখেন বৰুৱা । তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে WB 23F 0473 ৷

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনাস্থলীত ডিকম আৰু চাবুৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ জানিব পৰা মতে, মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : Road accident at Rangia: ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.